পাকিস্তানৰ ওপৰত পুলৱমা বৰ্বৰ আক্ৰমণ প্ৰথমটো প্ৰতিশোধ ভাৰতীয় বায়ুসেনাই গ্ৰহণ কৰাৰ পিছত ক্ৰমাৎ তৎপৰ হৈ পৰিছে দেশৰ প্ৰতিৰক্ষা বিভাগ। যিকোনো সময়তে পাকিস্তানৰ আক্ৰমণ আশংকা কৰি দেশৰ নিৰাপত্তা কটকটীয়াকৈ গঢ়ি তোলা হৈছে। সমগ্ৰ দেশত নিৰাপত্তা বাবে জাৰি কৰা হৈছে সতৰ্কতা এলাৰ্ট ।
ইফালে ঘটনাৰ সংক্রান্তত আজি বিয়লি বিদেশ মন্ত্ৰী সুষমা স্বৰাজে আয়োজন কৰিছে দেশৰ বিভিন্ন বিৰোধী দলৰে বৈঠক। নতুন দিল্লীত জৱাহৰ ভৱনত অনুষ্ঠিত হ'ব লগা এই বৈঠক অনুষ্ঠিত হ'ব ৫বজাত। দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা হ'ব উক্ত বৈঠকত।
- Log in to post comments
- 29 views