পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লগতে চুলাই মদৰ ঘটনাৰ বাবে তীব্ৰ গৰিহণা অসম নাগৰিক সমাজৰ   

ajit_

পাকিস্তানৰ চোৰাংচোৱা সন্থা দ্বাৰা নিয়ন্ত্ৰিত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামত চিআৰপিএফ বাহিনীৰ কনভয়ৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা আৰু গৰিহণা অসম নাগৰিক সমাজৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে পুলৱাম মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি কয় পাকিস্তানৰ চোৰাংচোৱা সন্থা দ্বাৰা নিয়ন্ত্ৰিত জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, জামাত-উড-দাৱা দৰে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই ঐক্যবদ্ধভাৱে থিয় দিব লাগে।

লগতে কয় সন্ত্ৰাসবাদীসকলে কেৱল ভাৰতৰ নিৰাপত্তা বাহিনী ওপৰত এই আক্ৰমণ কৰা নাই । পৰোক্ষভাৱে এই আক্ৰমণ সমগ্ৰ কাশ্মীৰবাসী ওপৰত। এই আক্ৰমণ কাশ্মীৰবাসীৰ জীৱন পণ কৰি খেলা এক ক্ষমতাৰ খেল। সেইবাবে এই আক্ৰমণৰ লগত জড়িত প্ৰতিজন দোষীক বিচাৰি উলিয়াই ভাৰত চৰকাৰে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায় সংগঠনটোৱে। 

আনহাতে, এই সংবাদ মেলতে ভাৰত চৰকাৰক অভিযোগ তুলি সংগঠটোৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় ভাৰতৰ চোৰাংচোৱা সন্থাই তেনে এক সম্ভাৱনা আশংকা কৰি গৃহমন্ত্ৰণালয়ক অৱগত কৰাৰ পাছতো কিয় উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে কয় ৫ লাখ সৈন্যই বাহিনীয়ে কাশ্মীৰত নিৰাপত্তা দিশটো তদাৰক কৰি থকা পাছতো ইমান এটা ভয়ংকৰ ঘটনা কাৰ গাফিলতি বাবে হ'বলৈ পালে তাৰ উপযুক্ত তদাৰক হ'ব লাগে। উক্ত দিনটোত নিৰাপত্তাৰক্ষীসকলক স্থানান্তৰ কৰোতে যিবিলাক নিয়ম-নীতি আৰু প্ৰক্ৰিয়া (ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউ) মানি চলা হৈছিল নে নাই তাৰো বিচাৰ হ'ব লাগে বুলি দাবী জনায়।

 আনহাতে এই সংবাদ মেলতে সংগঠটোৱে গুৰুত্বপূৰ্ণভাৱে উত্থাপন কৰে কাশ্মীৰৰ ঘটনাটোক লৈ আজি একাংশ হিন্দু ধৰ্মান্ধই ভাৰত চৰকাৰৰ প্ৰত্যক্ষ সহযোগত ভাৰতবৰ্ষৰ সকলো সংখ্যালঘু ধৰ্মীয় লোকক সন্ত্ৰাসবাদী বুলি অভিহিত কৰা এক ষড়যন্ত্ৰত মিলিত হৈছে। সেই সম্পৰ্কত কয় অসমত যিদৰে সকলো অসমীয়া আলফা নহয়, ঠিক একেদৰে কাশ্মীৰৰ সংখ্যালঘু মানেই সন্ত্ৰাসবাদী নহয়। কাশ্মীৰত আজিও লাখ লাখ সংখ্যালঘু মানুহে মুঠিৰ আগত জীৱনটো লৈ বাছি আছে। লগতে কয় কাশ্মীৰ আজি ভাৰতৰে এক অংগ, তাৰ অৰ্থ এইটো হ'ব নালাগে তাত থকা সম্পদ-মাটিখিনি কেৱল ভাৰতৰ। তাত থকা কাশ্মীৰীও ভাৰতৰে এক অংশ। সেইবাবে তেওঁলোকক লগত লৈ সন্ত্ৰাসবাদী আৰু জেহাদৰ বিৰুদ্ধে থিয় দিব লাগিব। তেতিয়াহে তাত সুফল পোৱা যাব বুলি উল্লেখ কৰে সংগঠনটোৱে।
 
ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শাসকীয় বিজেপি দলে যুদ্ধোন্মাদন আৰু ধৰ্মোন্মদনা সৃষ্টি কৰা প্ৰসংগত সংগঠনৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় বিজেপি দলটোৱে সমগ্ৰ বিষটো এক নিৰ্বাচনী হাথিয়া হিচাপে ব্যৱহাৰ কৰিছে। কাৰণ আজি শাসকীয় পক্ষই এনেদৰে শাসন কৰিব বিচাৰিছে দেশৰ সকলো জনসাধাৰণৰ মত তেওঁলোকৰ চৰকাৰ মত আৰু দলৰ মতৰ লগত একে হোৱাটো। কোনোবাই যদি তেওঁলোকৰ মতৰ বিপক্ষে গৈ কথা কয় তেতিয়াই শাসকীয় পক্ষই তেনে ব্যক্তি বিৰুদ্ধে দেশদ্ৰোহী আৰু পাকিস্তানৰ সমৰ্থক বুলি অভিহিত কৰা এটা বাতাবৰণ ৰচনা কৰা বুলিও উল্লেখ কৰে। এই সম্পৰ্কত তেওঁ আৰু কয় শাসকীয় পক্ষই এই কাৰ্য জৰিয়তে জনসাধাৰণক ভাৰতীয় সংবিধানে প্ৰদান কৰা যি বাক স্বাধীনতা তাক খৰ্ব কৰিছে। লগতে তাপয্যপূৰ্ণভাৱে কয় যে শাসকীয় পক্ষ বহু নেতা-মন্ত্ৰীয়ে আজি সামাজিক মাধ্যমত মুকলিকৈ দেশদদ্ৰোহী মন্তৱ্য কৰি আছে। তেওঁলোক আজি দুখী নহয়। কিন্তু তেওঁলোকৰ মন্তব্য বিৰুদ্ধে মতামত কৰা সকলক আজি দেশদ্ৰোহী হিচাপে অভিহিত কৰাৰ বাবে শাসকীয় পক্ষই উঠি পৰি লাগিছে। সেই কাৰ্যক গৰিহণা দিয়াৰ লগতে জনসাধাৰণৰ বাক স্বাধীনতাক হস্তক্ষেপ নকৰিবলৈ সকীয়নী প্ৰদান কৰে। 

আনহাতে কাশ্মীৰ সমস্যা সমাধানৰ দিশত তাপয্যপূৰ্ণভাৱে উপ-সভাপতি পৰেশ মালাকাৰে কয় কাশ্মীৰৰ সমস্যা যদি চৰকাৰে সমাধান কৰিব বিচাৰিছে তেন্তে ৰাজনৈতিকভাৱে তাক সমাধান কৰিব লাগিব। তাৰ বাবে কাশ্মীৰৰ জনসাধাৰণক আস্থাত লৈ আলাপ-আলোচনা প্ৰয়োজন বুলি উল্লেখ কৰে।
 
আনহাতে এই সংবাদ মেলতে সংগঠনটোৱে বিষাক্ত চুলাই মদ সেৱণ কৰি গোলাঘাট আৰু যোৰহাট জিলাত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ সন্দৰ্ভতো অভিমত ব্যক্ত কৰে। এই সন্দৰ্ভত সংগঠনতো কাৰ্যকৰি সভাপতি প্ৰশান্ত ৰাজগুৰুৱে কয় সুৰাৰ ক্ষেত্ৰত অসম চৰকাৰ বিগত তিনিটা বর্ষত গ্ৰহণ কৰা ভুল নীতি বাবে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হ'ব লগা হৈছে। কাৰণ অসম চৰকাৰে সুৰাৰ ক্ষেত্ৰত পূৰ্বৰ নীতিসমূহ সংশোধন ঘটাই কেৱল ৰাজহ বৃদ্ধি দিশটো প্ৰতি গুৰুত্ব দিয়াৰ বাবে আজি এই দশা হ'ব লগা হৈছে বুলি ৰাজগুৰুৱে জানিবলৈ দিয়ে।

এই সম্পৰ্কত তেওঁ কয় কংগ্ৰেছ চৰকাৰে বিগত ১৫ বর্ষত সুৰাৰ পৰা আহৰণ কৰিছিল সৰ্বমুঠ ৪০০০ কোটি ৰাজহ আৰু বিজেপি চৰকাৰখনে ৩ বছৰত ৰাজহ সংগ্ৰহ কৰিছে ৩৩০০ টকা। ফলত দৰিদ্ৰ লোকসকলে চৰকাৰে প্ৰস্তুত কৰা দামী সুৰা নাখায় কম দামত অ-বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা সুৰা গ্ৰহণ কৰিছে। ফলত এনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈছে। লগতে দাবী জনাই এই সমগ্ৰ বিষটো এক দণ্ডাধীক পয্যায়ৰ তদন্ত হ'ব লাগে আৰু দুখিক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

Your Comments