কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী  

rahul_gandhi-cong

লোকসভা নিৰ্বাচনৰ ৰণডংকাৰ বজাবলৈ মংগলবাৰে অসমলৈ আহিব নিখিল ভাৰত কংগ্ৰেছ কমিটি সভাপতি ৰাহুল গান্ধী। দিনৰ ১২.৩০ বজাত খানাপাৰা এক বিশাল জনসভাত অংশগ্ৰহণ কৰি অসমত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব।

উল্লেখ যে এই জনসভাত ১লাখ মানুহ অংশগ্ৰহণ কৰোৱা বাবে ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ব্যাপক প্ৰস্তুতি গঢ়ি তুলিছে। ইফালে ৰাহুল গান্ধী আগমনক লৈয়ো প্ৰশাসনৰ ফালৰ পৰা খানাপাৰাত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

ইফালে জনসভাত অংশগ্ৰহণ কৰাৰ পাছত ৰাহুল গান্ধীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিলিত হব ব্লক আৰু প্ৰদেশ কংগ্ৰেছ বিষয়ববীয়াৰে।উল্লেখ যে এই বৈঠকত আগন্ত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা হ'ব। এই বৈঠকত সম্ভাৱনা আছে সভাপতি গৰাকীক অসম ১৪খন আসনৰ বাবে সম্ভাব্য প্ৰাৰ্থী তালিকা অসম প্ৰদেশ কংগ্ৰেছে অৰ্পন কৰা।

Your Comments