ইটানগৰত ব্যাপক হিংসা : জ্বলালে উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহ 

itanagar_riotes

অসম-অৰুণাচল সীমান্তত বাস কৰা ৬টা জনগোষ্ঠীক অৰুণাচলৰ স্থায়ী বাসিন্দাৰ স্বীকৃতিৰ চৰকাৰী সিদ্ধান্তক কেন্দ্ৰ কৰি অৰুণাচল প্ৰদেশত হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।আজি ইটানগৰত উপ-মুখ্যমন্ত্ৰী চাওনা মেইন,  উপায়ুক্তৰ বাসগৃহ,অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ  বাসগৃহ ধ্বংস কৰিবলৈও আগবাঢ়ে।শুকুৰবাৰে এজন প্ৰতিবাদকাৰী আৰক্ষীৰ গুলীত নিহত হোৱাৰ পিছত প্ৰতিবাদ হিংসাত্মক হৈ পৰে।

Your Comments