নিৰ্ভীক সাংবাদিক তথা মানৱ অধিকাৰ কর্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ আজি ৫৯ সংখ্যক জন্মদিন। বিগত বর্ষসমূহৰ দৰে এইবাৰো 'পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চ'ই প্ৰয়াত সাংবাদিকগৰাকীৰ জন্মদিন পালন কৰে।গুৱাহাটী উজানবজাৰস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰত বিশিষ্ট সাংবাদিকগৰাকীৰ জন্মদিন উদযাপন কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত সাংবাদিকগৰাকীৰ সতীৰ্থসকল,পৰিয়ালৰ সদস্যসকলৰ লগতে বহু গণ্যমান্য ব্যক্তি।সকলোৱে প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণ কৰি জন্মদিনৰ শ্রদ্ধা জনাই নিৰ্ভীক সাংবাদিকগৰাকীক।
আনহাতে বিগত ৯ বছৰৰ দৰে এইবাৰো নিৰ্ভীক সাংবাদিকগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰদান কৰা হয় 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা-২০১৯।' পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই দশম বর্ষত এই বঁটা প্ৰদান কৰে অসম সন্তান তথা 'দ্য ইক'নমিক টাইমছ'ৰ জ্যেষ্ঠ সম্পাদক শান্তনু নন্দন শৰ্মাক।
জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৰাষ্ট্ৰীয়,আন্ত:ৰাষ্ট্ৰীয় সংবাদমাধ্যমত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সমাজখনক শক্তিশালীভাৱে তুলি ধৰাৰ বাবে আৰু সাংবাদিকতাৰ জগতখনত পৰাগ কুমাৰ দাসৰ আদর্শৰে আগবাঢ়ি যোৱা বাবে এই বঁটা প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে সতীৰ্থ মঞ্চই।বঁটাত আছে এখন সম্বৰ্ধনা-পত্ৰ,এটা স্মাৰক,২৫ হাজাৰ টকা। বঁটা প্ৰদান কৰে পৰাগ কুমাৰ দাসৰ একালৰ সতীৰ্থ তথা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই।
বঁটা প্ৰদান কৰি ভূঞাই পৰাগ কুমাৰ দাস সন্দৰ্ভত কিছু বক্তব্য দাঙি ধৰে।তেওঁ কয় যে যেতিয়ালৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতিৰ অস্তিত্ব ৰক্ষা নপৰিব, সেই দিনালৈকে পৰাগ কুমাৰ দাসৰ গুৰুত্ব আমাৰ সমাজত আছিল, আছে আৰু থাকিব। লগতে কয় দাসৰ স্মৃতিত প্ৰদান কৰা এই বঁটাই নৱ -প্ৰজন্মৰ সাংবাদিকসকলক উৎসাহিত কৰিব। ভূঞাই পৰাগ কুমাৰ দাসক সোঁৱৰণ কৰি মন্তব্য কৰে যে তেওঁ স্বাধীনভাৱে কেইজনমান ডেকা ল'ৰাক লৈ অসমৰ সংবাদ জগতত নতুন ধাৰাৰ সূচনা কৰিছিল 'বুধবাৰ'ৰ জৰিয়তে।সমগ্ৰ ৰাষ্ট্ৰযন্ত্ৰক কলমৰ শক্তিৰে কঁপাই তুলিছিল।যাৰ বাবে তেওঁক ৰাষ্ট্ৰযন্ত্ৰই ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছিল।
আনহাতে এই অনুষ্ঠানত ২০১৯ বৰ্ষৰ সাংবাদিকতা বঁটা গ্ৰহণ কৰি শান্তনু নন্দন শৰ্মাই কয় এই বঁটায়ে তেওঁক যিদৰে প্ৰেৰণ দিব,ঠিক একেদৰে দায়িত্বও বৃদ্ধি কৰিব ।
লগতে এই বঁটা তেওঁ পিতৃ-মাতৃ, পঢ়ুৱৈ সমাজ তথা সংবাদ আহৰণৰ দিশত যিসকল ব্যক্তিয়ে সহায় কৰি আহিছে, তেওঁলোকৰ নামত অৰ্পণ কৰা বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এই বঁটা প্ৰদান অনুষ্ঠানতে আয়োজন কৰে এক স্মাৰক বক্তৃতাৰ। উক্ত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ প্ৰবক্তা তথা যুৱ লেখক ড: উদ্দীপন দত্তই।
বঁটা প্ৰদান অনুষ্ঠানৰ সভাপতিত্ব কৰে ড:শিৱ নাথ বৰ্মনে।উপস্থিত থাকে পৰাগ কুমাৰ দাসৰ জ্যেষ্ঠ ভাতৃ জ্যোতিকুমাৰ দাস।
- Log in to post comments
- 19 views