অসম লোকসেৱা আয়োগত সংঘটিত হোৱা ভয়ংকৰ দুৰ্নীতিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ পাছতে জালত পৰিছিল অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি একাংশ দুৰ্নীতিগ্রস্ত বিষয়া। কিন্তু তথাপিও আজি পৰ্যন্ত সংস্কাৰ হোৱা নাই অসম লোকসেৱা আয়োগৰ ভিতৰচ'ৰা। দুৰ্নীতিগ্ৰস্ত অধ্যক্ষ ৰাকেশ পালে চলাই যোৱা নিয়ম অনুসৰিয়ে আজিও চলি আছে অসম লোকসেৱা আয়োগ৷ এই মন্তব্য আৰটিআই কর্মী অক্রাম প্ৰশান্ত সিঙৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত আৰটিআই কর্মীগৰাকীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে অসম চৰকাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে সততে কৈ আহিছে দুৰ্নীতিৰ ক্ষেত্ৰত তেওঁলোক শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰি অহাৰ কথা।
যদি সেয়াই হয় তেন্তে কিয় আজিলৈ ২০১৭ চনৰ অসম লোকসেৱা আয়োগৰ নীতি কাৰ্যকৰী কৰিব পৰা নাই বুলি প্ৰশ্ন কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কয় যে লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে অসম চৰকাৰে যিদৰে প্ৰদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনেদৰে গ্ৰহণ কৰা নাই। কাৰণ হিচাপে তেওঁ কয় যে লোকসেৱা আয়োগৰ নিয়ম অনুসৰি নতুন 'নিয়ম' বনোৱা বাবে ৰাজ্য চৰকাৰৰ "পাৰ্ছনেল বিভাগে" ৰাজ্যৰ বিধানসভাত প্ৰস্তাৱ উত্থাপন কৰিব লাগে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত সৰ্বানন্দ সোণোৱাল চৰকাৰে ২০১৭ চনৰ অসম লোকসেৱা আয়োগৰ 'নীতি' কাৰ্যকৰী কৰাৰ বাবে অসম বিধানসভাত কোনো প্ৰস্তাৱ উত্থাপন নকৰিলে।
তাৰফলত দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালে যি নিয়ম অনুযায়ী অসম লোকসেৱা আয়োগ চলাই আছিল সেই একে নীতিতে বৰ্তমানো চলি আছে অসম লোকসেৱা আয়োগ। ইয়াৰ উপৰি এই সংবাদমেলতে আৰটিআই কর্মীগৰাকীয়ে জানিবলৈ দিয়ে যে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩২০(৫)অনুসৰি অসম চৰকাৰে লোকসেৱা আয়োগৰ খচৰা বিধানসভাত দাখিল কৰিব লাগে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালে সংবিধানৰ নিৰ্দেশনাক অৱমাননা কৰি নীতিবহিৰ্ভূতভাৱে বনাইছিল পূৰ্বৰ নিয়ম।
আনহাতে, এই সংবাদমেলতে আৰটিআইৰ তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁ কয় যে ২০১৮ চনত অসম লোকসেৱা আয়োগৰ জৰিয়তে অসম চৰকাৰৰ 'লিগেল মেট্ৰ'লজী পৰিদর্শক' পদত ৰাজ্যৰ ১৯জনকৈ বিষয়াক নিযুক্তি দিয়া হৈছিল। কিন্তু সেই নিযুক্তি দিয়া ১৯জন বিষয়াৰ বৰ্তমান সময়ত তিনিজনেই সেই বিভাগৰ পৰা অব্যাহতি লৈছে। অব্যাহতি লোৱা বিষয়াকেইজন হৈছে অলকা কুমাৰী, প্ৰাঞ্জল পৰাণ শইকীয়া আৰু অনুপ্ৰীতি দাস। কিন্তু সেই বিষয়াকেইজনৰ খালী হৈ থকা পদকেইটাত আজিলৈকে নতুন নিযুক্তি দিয়া নাই অসম লোকসেৱা আয়োগে।
তাৰ মূল কাৰণ হৈছে পঞ্জাব, বিহাৰৰ দৰে অসম লোকসেৱাত নাই 'ৱেটিং লিষ্ট'ৰ ব্যৱস্থা। যাৰফলত খালী হৈ যোৱা পদকেইটাত নতুনকৈ নিয়োগ কৰিব পৰা নাই বিষয়া। সেইবাবে এই সংবাদমেলৰ জৰিয়তে অক্ৰাম প্ৰশান্ত সিংঙে দাবী জনায় যে ইউপিএছচিৰ দৰে অসম লোকসেৱা আয়োগতো সংযোজন হ'ব লাগে 'ৱেটিং লিষ্ট'ৰ ব্যৱস্থা।
আজি এই সংবাদমেলত উপস্থিত থাকে ২০১৮ চনত 'লিগেল মেট্ৰল'জী পৰিদর্শক' বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা দুই প্ৰাৰ্থী হিমাংশু বৰা আৰু দেৱব্ৰত খনিকৰ। ইয়াৰে হিমাংশু বৰাই দুটা নম্বৰ কম হোৱা বাবে উক্ত পদত নিযুক্তি লাভৰ পৰা সেই সময়ত বঞ্চিত হ'বলগা হৈছিল।
- Log in to post comments
- 124 views