কাশ্মীৰৰ পুলৱামা ঘটনাৰ পাছত ক্ৰমাৎ তৎপৰ হৈ পৰিছে ভাৰতীয় নিৰাপত্তা ব্যৱস্থা। চিৰবৈৰী পাকিস্তানক এসেকা দিয়াৰ বাবে কাশ্মীৰত এতিয়া যুদ্ধ সদৃশ পৰিৱেশ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত চীনে পাকিস্তানৰ পক্ষ এৰি ভাৰতক সমৰ্থন কৰাৰ পাছতেই ক্ৰমাৎ যেন ভাৰতে যুদ্ধৰ দিশত আগবাঢ়িছে পাকিস্তানৰ বিপক্ষে।
কাশ্মীৰত মোতায়েন কৰা হৈছে ভাৰতীয় অৰ্ধসামৰিক বাহিনীৰ ১০০টা অতিৰিক্ত কোম্পানী। চিআৰপিএফৰ ৪৫টা, বিএছএফৰ ৩৫টা, এছএছবিৰ ১০টা, আইটিবিপিৰ ১০টা কোম্পানী কাশ্মীৰ সীমান্তত নিয়োগ কৰা হৈছে।
- Log in to post comments
- 366 views