গোলাঘাটৰ বিষাক্ত সুৰাপান কাণ্ড সন্দৰ্ভত জৰুৰী বৈঠক। মুখ্য মন্ত্ৰীৰ বাসগৃহ ব্ৰহ্মপুত্ৰ অতিথিশালাত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত উপস্থিত থাকে ৰাজ্যৰ মুখ্য মন্ত্ৰী, মুখ্য সচিব, আৰক্ষীৰ সঞ্চালক প্ৰধানৰ লগতে বহু উচ্চপদস্থ বিষয়া। বৈঠকৰ অন্তত মুখ্য মন্ত্ৰীয়ে দোষীক কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে বিষাক্ত সুৰাপান কৰি এই পৰ্যন্ত গোলাঘাট আৰু বৰহোলাত ৯৩জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। আৰু বহুসংখ্যক সুৰাপায়ী যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে।
- Log in to post comments
- 18 views