গুৱাহাটীত চিটী বাছৰ নতুন পথ নিৰ্দেশনা

গুৱাহাটীত চিটী বাছৰ নতুন পথ নিৰ্দেশনা

গুৱাহাটীত সলনি হ'ল চিটী বাছৰ পথ। গুৱাহাটী জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰিলে চিটী বাছ চলাচলৰ নতুন পথ। সেই অনুযায়ী এতিয়াৰে পৰা তলত দিয়া ধৰণে চিটী বাছসমূহ চলাচল কৰিব৷

# খানাপাৰাৰ পৰা দিছ্পুৰ, ভঙাগড় হৈ জালুকবাৰীলৈ।

# বশিষ্ঠৰ পৰা গণেশগুৰি, ভৰলুমুখ হৈ জালুকবাৰীলৈ।

# নটবমাৰ পৰা হাতীগাঁও পল্টনবজাৰ হৈ জালুকবাৰীলৈ।

# কাহিলিপাৰাৰ পৰা গণেশগুৰি, পল্টন বজাৰ হৈ জালুকবাৰীলৈ।

# কাছাৰীৰ পৰা পাণবজাৰ, ভৰলুমুখ হৈ কামাখ্যা মন্দিৰলৈ।

# ফৰেষ্ট গে'টৰ পৰা শিলপুখুৰী, মাছখোৱা হৈ জালুকবাৰীলৈ।

# খানাপাৰাৰ পৰা সৰুসজাই, গড়চুক হৈ জালুকবাৰীলৈ।

# পল্টনবজাৰৰ পৰা ভৰলু, জালুকবাৰী হৈ বিমানবন্দৰলৈ।

# পল্টনবজাৰ, যোৰাবাট, তেতেলীয়া হৈ জাগীৰোডলৈ।

# আইএছবিটিৰ পৰা বশিষ্ঠ চাৰিআলি, লাষ্টগে'ট, চানমাৰি হৈ জালুকবাৰীলৈ।

# চন্দ্ৰপুৰৰ পৰা হাতীশিলা, নুনমাটি, গুৱাহাটী ক্লাব, ভূতনাথ হৈ জালুকবাৰীলৈ।

# আইএছবিটিৰ পৰা লখৰা, বিৰুবাৰী হৈ পল্টনবজাৰলৈ।

# আইএছবিটিৰ পৰা গড়চুক, ধীৰেনপাৰা, ফটাশিল হৈ কাছাৰীলৈ।

# খানাপাৰাৰ পৰা লখৰা, তেতেলীয়া, জালুকবাৰী হৈ আমিনগাঁৱলৈ।

# লালমাটিৰ পৰা হাতীগাঁও, বড়া ছাৰ্ভিচ, মাছখোৱা, শান্তিপুৰ, আদাবাৰী হৈ জালুকবাৰীলৈ।

# খানাপাৰাৰ পৰা জু-তিনিআলি হৈ গীতামন্দিৰ হৈ নাৰেংগী, চচল হৈ খানাপাৰলৈ।

# ফৰেষ্ট গে'টৰ পৰা নুনমাটি, চানমাৰি, পাণবজাৰ, আদাবাৰী হৈ আমিনগাঁও উপায়ুক্ত কাৰ্যালয়লৈ।

# বশিষ্ঠ চাৰিআলিৰ পৰা লখৰা, বৰাগাঁও, জালুকবাৰী হৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ।

#বশিষ্ঠ মন্দিৰৰ পৰা চান্দমাৰি হৈ কাছাৰীলৈ।

# কছাৰীৰ পৰা আদাবাৰীলৈ।

# বশিষ্ঠ মন্দিৰৰ পৰা পল্টনবজাৰ হৈ কাছাৰীলৈ।

# খানাপাৰৰ পৰা গণেশগুৰি উৰণীয়া সেতু হৈ কাছাৰীলৈ।

# লালগণেশৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ।

# পাঞ্জাবাৰীৰ পৰা চানমাৰি হৈ কাছাৰীলৈ।

# কাছাৰীৰ পৰা মালিগাঁও হৈ ধাৰপুৰ চাৰিআলিলৈ।

# কাছাৰীৰ পৰা চানমাৰি হৈ নাৰেংগীলৈ।

# চন্দ্ৰপুৰৰ পৰা নুনমাটি হৈ গুৱাহাটী ক্লাবলৈ৷

# হাতীগাঁৱৰ পৰা চানমাৰি হৈ গুৱাহাটী ক্লাবলৈ।

# খানাপাৰৰ পৰা লখৰা হৈ জালুকবাৰীলৈ।

# আদাবাৰীৰ পৰা হাজোলৈ।

# আদাবাৰীৰ পৰা শুৱালকুছিলৈ।

ইয়াৰ উপৰি আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বিষয়া বাপন কলিতাই জানিবলৈ দিয়ে যে চিটী বাছসমূহৰ পথৰ নম্বৰ অনুসৰি বাছৰ আস্থানসমূহো বেলেগ বেলেগ হ'ব।

Your Comments