কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম ৰাইফলছক প্ৰদান কৰা অধিক ক্ষমতা অধিসূচনা অৱশেষত সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ১৯ ফেব্ৰুৱাৰীত এক জাননীযোগে আছাম ৰাইফলছক অধিক ক্ষমতা প্ৰদান কৰিছিল। সেই অনুযায়ী গ্ৰেপ্তাৰী পৰোৱানা অবিহনেই এজন লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা দিছিল। কিন্তু ৰাজ্য চৰকাৰসমূহক এই সম্পৰ্কত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অৱগত কৰোৱা নাছিল। ফলত আজি অসম বিধানসভাতো বিষটো সন্দৰ্ভত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়।
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এই নীতি সম্পৰ্কত অগপ বিধায়ক পবীন্দ্ৰ ডেকাই উল্লেখ কৰি কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উত্তৰ-পূবৰ ৰাইজৰ মৌলিক অধিকাৰ কাঢ়ি নিবৰ বাবে এই অধিক ক্ষমতা প্ৰদান কৰিছে৷ ইয়াৰ বিপৰীতে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত কয় যে কেন্দ্ৰৰ এয়া এক আন্দোলন মষিমূৰ কৰাৰ ষড়যন্ত্ৰ।
ইফালে কেন্দ্ৰৰ এই অধ্যাদেশৰ বিৰুদ্ধে অসম বিধনাসভাত কংগ্ৰেছ-এআইইউডিএফে আজি সদন ত্যাগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসম ৰাইফলছক প্ৰদান কৰা অধিক ক্ষমতা প্ৰত্যাহাৰ কৰে। লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই অধিক ক্ষমতা প্ৰদান সম্পৰ্কত ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথাও জানিবলৈ দিয়ে।
- Log in to post comments
- 115 views