অংগনবাড়ী কৰ্মী-সহায়িকাৰ ধৰ্ণাত উত্তাল সমাজ কল্যাণৰ সঞ্চালকৰ কাৰ্যালয়

ৌ

প্ৰতিবাদী ধৰ্ণাত উত্তাল অসম ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কার্যালয়। প্ৰাপ্যৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থা আৰু অসম অংগনবাড়ী কর্মী সহায়িকা সন্থাই। তেওঁলোকৰ দাবী যে বিগত ২০১৭ চনৰ ৫ জানুৱাৰীৰ পৰা ৰাজ্যৰ অংগনবাদী কৰ্মীসকলে প্ৰাপ্যৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বাৰম্বাৰ প্ৰতিবাদ জনাইছে। কিন্তু আজি পৰ্যন্ত কোনো ফলাফল লাভ কৰা নাই৷

ইয়াৰ প্ৰতিবাদত আজি তেওঁলোক পুনৰ ওলাই আহিবলৈ বাধ্য হৈছে সমাজ কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ কাৰ্যালয়লৈ। উল্লেখ্য যে দীর্ঘদিনৰ পৰা তেওঁলোকে সমাজ কল্যাণ বিভাগৰ ওচৰত দাবী জনাই আহিছে যে অংগনবাড়ী কৰ্মীসকলক চৰকাৰে সামান্য মাননী দিয়াৰ পৰিৱৰ্তে মাহিলী ৫০০০ টকা আৰু সহায়িকাসকলক ৩৫০০ টকা আদায় দিব লাগে। ইয়াৰ উপৰিও প্ৰতিগৰাকী কর্মীক অৱসৰৰ সময়ত ২ লাখ টকা আৰু সহায়িকাসকলক ১ লাখ ৫০ হাজাৰ টকা এককালিন সাহায্য প্ৰদান কৰিব লাগে।

ে

কিন্তু অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে কর্মী আৰু সহায়িকাসকলৰ দাবীসমূহ পূৰণ কৰিব বুলি বাৰে বাৰে আশ্বাস প্ৰদানৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে। সম্পাদিকাগৰাকীয়ে কয় যে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ বাবে ২০১৭ চনৰ ২৮ ডিচেম্বৰত সেই সময়ৰ সমাজ কল্যাণ বিভাগৰ আয়ুক্ত আলোক কুমাৰ চহৰীয়াৰ লগত আলোচনাত মিলিত হৈছিল।

সেই বৈঠকত অংগনবাড়ী কর্মীসকলক ১০০০ টকা, সহায়িকাসকলক ৫০০ টকা আৰু মিনি কৰ্মীৰ বাবে ৭৫০ টকা এককালীন সাহায্য দিয়াৰ বাবে ৫ কোটি টকা নিৰ্ধাৰণ কৰা বুলি উল্লেখ কৰিছিল৷ অন্যান্য দাবীসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি আশ্বাস দিছিল। কিন্তু সেই আশ্বাসসমূহো আজিলৈকে কাৰ্যকৰী কৰা নাই। তাৰ প্ৰতিবাদত আজি অংগনবাড়ী কর্মী আৰু সহায়িকাসকলে গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী।

ো
 ইয়াৰ উপৰিও প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী নীৰদা কাকতিয়ে তাৎপৰ্যপূৰ্ণভাৱে কয় যে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে ৬০ বছৰৰ কর্মী-সহায়িকাসকলক কোনো ধৰণৰ সাহায্য প্ৰদান নকৰাকৈ অৱসৰ গ্ৰহণৰ বাবে হেঁচা প্ৰদান কৰিছে। তাৰ প্ৰতিবাদ জনাই তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। তেওঁলোকৰ দাবী যে এককালীন সাহায্য প্ৰদান নকৰাকৈ কর্মী-সহায়িকাসকলক অৱসৰ গ্ৰহণৰ বাবে দিয়া নিৰ্দেশনা স্থগিত ৰাখিব লাগে।

ইয়াৰ উপৰিও কৰ্মৰত সহায়িকাসকলক খালি হৈ থকা কর্মী পদত নিয়োগ কৰিব লাগে। লগতে তেওঁলোকক দিয়া আশ্বাসসমূহ অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। কর্মীসকলে প্ৰতিবাদৰ অন্তত সমাজ কল্যাণ বিভাগৰ সঞ্চালকক তেওঁলোকৰ দাবীসম্বলিত এক স্মাৰক-পত্ৰ প্ৰদান কৰে। সঞ্চালকগৰাকীয়ে তেওঁলোকৰ দাবীসমূহ ২ মাহৰ ভিতৰত পূৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। 
ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত অসম অংগনবাড়ী কর্মী আৰু সহায়িকা সন্থাৰ হৈ উপস্থিত থাকে কাৰ্যকৰী সভানেত্ৰী চিত্ৰা দলে, বিনু ৰাজখোৱা।

Your Comments