এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত চিটী বাছ চলাচলত প্ৰযোজ্য হ'ব কেতবোৰ গুৰুত্বপূৰ্ণ নির্দেশনা। সেই অনুযায়ী মহানগৰীত চলাচল কৰা চিটী বাছসমূহৰ চলাচলৰ পথ এতিয়াৰে পৰা সলনি হ'ব। জিলা পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰিব মহানগৰীত চলাচল কৰা চিটী বাছসমূহৰ নতুন নিয়মসমূহ। ইয়াৰ উপৰি এতিয়াৰে পৰা মহানগৰীত চলাচল কৰা চিটী বাছসমূহত নাথাকিব হেণ্ডিমেন। প্ৰতিটো বাছ আস্থানত এখন চিটী বাছ যাত্ৰী উঠোৱাৰ বাবে দুই মিনিটতকৈ অধিক সময় ৰ'ব নোৱাৰিব।
দুই মিনিটতকৈ অধিক সময় ৰ'লে ভৰিব লাগিব জৰিমনা। ইয়াৰ উপৰি যাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বাছখনৰ সন্মুখৰ গ্লাছত থাকিব লাগিব চালকৰ ফটো। ফটোখন যাত্ৰীসকলে ৫০ মিটাৰ আঁতৰৰ পৰা চিনি পোৱা হ'ব লাগিব। লগতে চিটী বাছ চলাচল কৰাৰ ক্ষেত্ৰত আৰু কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা থাকিব। উল্লেখ্য যে অহা সপ্তাহৰ পৰা মহানগৰীত চলাচল কৰা প্ৰতিখন চিটী বাছতে কাৰ্যকৰী হ'ব এই নতুন নিয়ম। নিয়ম নমনা চিটী বাছসমূহক নাকী লগাব পৰিবহণ বিভাগে।
- Log in to post comments
- 98 views