জম্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদে সংঘটিত কৰা বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল অসমৰ বীৰ মনেশ্বৰ বসুমতাৰীয়ে। চিআৰপিএফত কৰ্মৰত তামুলপুৰৰ বীৰ জোৱান মনেশ্বৰ বসুমতাৰীয়ে সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ পাছতে অসম চৰকাৰে শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক ২০ লাখ টকা এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।
সেই ঘোষণা অনুযায়ীয়ে আজি বীৰ শ্বহীদগৰাকীৰ পৰিয়ালক অসম চৰকাৰে ঘোষণা কৰা ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়। শ্বহীদ পৰিয়ালটোক এই সাহায্য প্ৰদান কৰে অসম চৰকাৰৰ মুখ্য মন্ত্ৰীৰ হৈ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। গোস্বামীৰ লগতে অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰিহণ দৈমাৰী, বিধায়ক ইমানুৱেল মোছাহাৰীও উপস্থিত থাকে।
- Log in to post comments
- 7 views