অসম চুক্তি স্বাক্ষৰ সন্দৰ্ভত প্ৰফুল্ল মহন্তই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে

অসম চুক্তি স্বাক্ষৰ সন্দৰ্ভত প্ৰফুল্ল মহন্তই জনসাধাৰণক বিপথে পৰিচালিত কৰিছে

কেৱল ক্ষমতাৰ স্বাৰ্থতেই জাতিক বিক্ৰী কৰি ১৯৭১ চনক ভিত্তি বর্ষ হিচাপে লৈ প্ৰফুল্ল কুমাৰ মহন্তই "অসম চুক্তি" স্বাক্ষৰ কৰিছিল৷ এই গুৰুত্বপূৰ্ণ মন্তব্য পূৰ্বাঞ্চলীয় লোক পৰিষদৰ প্ৰাক্তন নেতা-কর্মীৰে গঠিত "জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, অসম"ৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এক সংবাদমেল সম্বোধন কৰি কয় যে প্ৰফুল্ল কুমাৰ মহন্তই জনসাধৰণক বিপথে পৰিচালিত কৰি "অসম চুক্তি" স্বাক্ষৰ সন্দৰ্ভত মিছা কথাৰ আশ্ৰয় লৈছে।

তেওঁ কয়, প্ৰফুল্ল কুমাৰ মহন্তই কোৱাৰ দৰে অসম চুক্তি কংগ্ৰেছকে ধৰি কোনো অসমবিৰোধী দলৰ হেঁচাত স্বাক্ষৰ হোৱা নাছিল। কেৱল মাত্ৰ ক্ষমতাৰ স্বাৰ্থত এই চুক্তি স্বাক্ষৰ হৈছিল বুলি উল্লেখ কৰে। সংবাদমেলত লগতে তেওঁ কয় যে ১৯৭১ চনৰ ভিত্তিত চুক্তি স্বাক্ষৰ কৰি প্ৰফুল্ল কুমাৰ মহন্ত প্ৰমুখ্যে একাংশ ছাত্ৰ নেতাই ৮৫৫জন শ্বহীদৰ ত্যাগ আৰু অসমীয়া জাতিৰ আবেগক বিশ্বাসঘাতকতা কৰিলে বুলিও তেওঁ উল্লেখ কৰে।

লগতে তেওঁ প্ৰফুল্ল কুমাৰ মহন্তক প্ৰশ্ন কৰি কয় যে যদি সঁচাকৈয়ে কংগ্ৰেছৰ হেঁচাত পৰি ১৯৫১ চনৰ পৰিৱৰ্তে যদি ১৯৭১ চনক ভিত্তি বর্ষ হিচাপেই মানি লৈছিল, তেন্তে সেই সময়ত কিয় সেই কথা অসমৰ ৰাইজক জনোৱা নাছিল। লগতে এই সংবাদমেলৰ জৰিয়তে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে দাবী কৰে যে ১৯৭১ চনৰ পৰিৱৰ্তে খিলঞ্জীয়াৰ ভিত্তি বর্ষ ১৯৫১ চন হ'ব লাগে বুলি দাবী জনায়। কাৰণ হিচাপে তেওঁলোকে এই সংবাদমেলত উল্লেখ কৰি যদি ভাৰতবৰ্ষৰ অন্য ৰাজ্যবোৰত আন্দোলন নকৰাকৈ ১৯৫১ চন ভিত্তি বর্ষ হয় তেন্তে আন্দোলন কৰি ১৯৭১ চন ভিত্তি বর্ষ হোৱাৰ কি যুক্তি থাকিব পাৰে বুলিও প্ৰশ্ন কৰে।

Your Comments