বিগত বর্ষসমূহৰ দৰে এইবাৰো অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা জ্যোতিৰূপা সামাজিক-সাংস্কৃতিক সংগঠনৰ উদ্যোগত অনুষ্ঠিত হ'ব একাদশ বাৰ্ষিক সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি নাট সমাৰোহ। গুৱাহাটীৰ ৰাজ্যিক পুথিভঁৰাল প্ৰেক্ষাগৃহত ২৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত কৰা এই নাট সমাৰোহত সমাবেশ ঘটিব ৫খনকৈ নাটৰ। এই কথা আজি এক সংবাদমেল পাতি জানিবলৈ দিয়ে জ্যোতিৰূপা সামাজিক-সাংস্কৃতিক সন্থাই।
গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত উক্ত সংবাদমেলত উপস্থিত থাকে জ্যোতিৰূপা সামাজিক-সাংস্কৃতিক সংগঠনৰ সভাপতি দিলীপ বৰুৱা, সাধাৰণ সম্পাদক নৰেন হাজৰিকা প্ৰমুখ্যে সংগঠনৰ বহুকেইজন সদস্যই। উক্ত সংবাদমেলত সভাপতি দিলীপ বৰুৱাই কয় যে ২৪ ফেব্ৰুৱাৰীৰ নাট সমাৰোহ উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰা বিদ্যা ৰাৱে।
লগতে জানিবলৈ দিয়ে যে পাঁচদিনীয়া নাট সমাৰোহৰ প্ৰথম দিনা পৰিবেশন হব স্মৃতা বৰ্মনৰ পৰিচালনাৰে "চামেলী মেমচাহাব"। দ্বিতীয় দিনা পৰিবেশন হ'ব দীপামণি বৰা পৰিচালনাত "আত্মশুদ্ধি"। তৃতীয় দিনা পৰিবেশন হ'ব হিমাংশু প্ৰসাদ দাস পৰিচালনাত "লেডী মেকবেথ"। চতুৰ্থ দিনা পৰিবেশন হ'ব অবিনাশ শৰ্মা পৰিচালনাত "মালঞ্চ"।
আৰু অন্তিম দিনা অৰ্থাত ২৮ ফেব্ৰুৱাৰীত বলোৰাম দাসৰ পৰিচালনাত "মিছ জুলী"। উল্লেখ্য যে এই নাটকখনত মুম্বাইৰ দুই অভিনেতা-অভিনেত্ৰী বলোৰাম দাস আৰু উৰ্মিলা মহন্তই অভিনয় কৰিব। নাট সমাৰোহৰ কাৰ্যসূচী প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে উদ্যোগতাসকলে৷
- Log in to post comments
- 15 views