তিৱা শিল্পী মুকুন্দ টেৰচলৈ জীৱনজোৰা সাধনা বঁটা : ২২-২৯ মাৰ্চলৈ লোকনৃত্যৰ কৰ্মশালা

 তিৱা শিল্পী মুকুন্দ টেৰচলৈ জীৱনজোৰা সাধনা বঁটা : ২২-২৯ মাৰ্চলৈ লোকনৃত্যৰ কৰ্মশালা

বিগত বর্ষসমূহৰ দৰে এইবাৰো নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰ, জি এল ছ'চিয়েল চাৰ্কল আৰু ব্যতিক্ৰম মাছডোৰ সহযোগত এইবাৰো অহা ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈকে আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা আৰু থাইলেণ্ডৰ লোকনৃত্য কৰ্মশালা। নিউ গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন লোকশিল্পী জীনা ৰাজকুমাৰী, বিহু সম্ৰাজ্ঞী ড্ৰীমলি গগৈ আৰু দেৱজিত ৰাজবংশীয়ে।

ইফালে থাইলেণ্ডৰ লোকনৃত্য প্ৰশিক্ষণ প্ৰদান কৰিব ডঃ কৰিণ খমচিৰ নেতৃত্বত অহা এটা থাইলেণ্ডৰ লোকনৃত্যৰ প্ৰশিক্ষক দলে। এই কথা আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলযোগে জানিবলৈ দিয়ে লোকশিল্পী জীনা ৰাজকুমাৰীয়ে। উক্ত সংবাদমেলত ৰাজকুমাৰীয়ে লগতে জানিবলৈ দিয়ে যে এই কৰ্মশালাৰ সামৰণিৰ দিনা অৰ্থাৎ ২৯ মাৰ্চত বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা প্ৰতি বছৰৰ দৰে এইবাৰো মুক্তিযুঁজাৰু কমল মহন্তৰ সোঁৱৰণত প্ৰদান কৰা হ'ব লোক-সংস্কৃতিৰ জীৱনজোৰা সাধনা বঁটা।

উল্লেখ্য যে এইবর্ষত এই বঁটাৰ বাবে তেওঁলোকে কাৰ্বি, তিৱা লোকবাদ্যৰ শিল্পী মুকুন্দ টেৰচক নিৰ্বাচন কৰিছে বুলিও এই সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে। ইফালে এই সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে যে বিহুনৃত্য কৰ্মশালা আৰু থাইলেণ্ড নৃত্য কৰ্মশালাত সকলো বয়সৰ ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। লগতে উল্লেখ কৰে যে বিহুনৃত্যৰ লগতে লোকবাদ্যসমূহৰো প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা।

Your Comments