গৃহভূমিত উপস্থিত মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ : বৰঝাৰত অন্তিম শ্ৰদ্ধা জ্ঞাপন মুখ্য মন্ত্ৰীকে ধৰি বিভিন্নজনৰ

গৃহভূমিত উপস্থিত মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ : বৰঝাৰত অন্তিম শ্ৰদ্ধা জ্ঞাপন মুখ্য মন্ত্ৰীকে ধৰি বিভিন্নজনৰ

বৰঝাৰ বিমানবন্দৰত অন্তিম শ্ৰদ্ধা জ্ঞাপনৰ পিছত গৃহভূমি তামুলপুৰৰ কলবাৰীত উপস্থিত হৈছে ছহিদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ৷ স্বগৃহতো ছহিদগৰাকীলৈ অন্তিম শ্ৰদ্ধা জনাবলৈ সমবেত হৈছে বিভিন্নজন৷ উল্লেখ্য যে বায়ুসেনা বাহিনীৰ বিশেষ বিমানেৰে বৰঝাৰ বিমানবন্দৰত ছহিদগৰাকীৰ নশ্বৰ দেহ আহি পোৱাৰ পিছতে আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷

গৃহভূমিত উপস্থিত মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ : বৰঝাৰত অন্তিম শ্ৰদ্ধা জ্ঞাপন মুখ্য মন্ত্ৰীকে ধৰি বিভিন্নজনৰ

অসম চৰকাৰৰ হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীকে ধৰি বিভিন্নজনে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে৷

গৃহভূমিত উপস্থিত মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ : বৰঝাৰত অন্তিম শ্ৰদ্ধা জ্ঞাপন মুখ্য মন্ত্ৰীকে ধৰি বিভিন্নজনৰ

সাংসদ ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু ডিজিপিকে ধৰি ৰাজ্যিক প্ৰশাসনৰ বিভিন্নজনেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ছহিদগৰাকীক৷১৯৯৪ চনত চিআৰপিএফত যোগদান কৰা ছহিদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনায় সেনাবাহিনীৰ আটাইকেইটা বিভাগৰ বিষয়াবৰ্গই৷

গৃহভূমিত উপস্থিত মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ : বৰঝাৰত অন্তিম শ্ৰদ্ধা জ্ঞাপন মুখ্য মন্ত্ৰীকে ধৰি বিভিন্নজনৰ

বৰঝাৰ বিমানবন্দৰৰ পৰা বিশেষ হেলিকপ্টাৰেৰে ছহিদ জোৱানজনৰ নশ্বৰ দেহ গৃহভূমিলৈ নিয়া হয়৷ নিজৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে শেষ শ্ৰদ্দা জনাবলৈ অপেক্ষা কৰি থকা অগণন জনতাৰ মাজত এক শোকাকুল পৰিবেশে বিৰাজ কৰে৷

গৃহভূমিত উপস্থিত মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ : বৰঝাৰত অন্তিম শ্ৰদ্ধা জ্ঞাপন মুখ্য মন্ত্ৰীকে ধৰি বিভিন্নজনৰ

বিভিন্ন দল-সংগঠন-ব্যক্তি তথা প্ৰশাসনৰ তৰফৰ পৰা অন্তিম শ্ৰদ্ধা জনোৱাৰ পিছতে বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব৷

Your Comments