আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। ইতিমধ্যে দলটোৱে কলিয়াবৰ লোকসভা সমষ্টি বাহিৰে বাকী ১৩টা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলৰ পৰা আবেদন-পত্ৰ গ্ৰহণ কৰিছে। সেই অনুসৰি আজি দলটোৰ নেতৃবৰ্গই আবেদন কৰা প্ৰাৰ্থীসকলৰ আবেদন-পত্ৰসমূহ পৰীক্ষা কৰি দলটোৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী কর্মীসকলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
অসম কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত উক্ত বৈঠকত উপস্থিত থাকে দলটোৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাট, দলটোৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, ডঃ সঞ্জয় চৌধাৰী প্ৰমুখ্যে প্ৰাৰ্থিত্বপ্ৰত্যাশী সদস্যসকল উপস্থিত থাকে। উল্লেখ্য যে আজি বৈঠকৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ দলটোৱে অসমৰ ১৩টা লোকসভা সমষ্টি বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।
এক গোপন সূত্ৰ খবৰ অনুসৰি এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত দলটোৱে মহিলা প্ৰাৰ্থীক টিকট দিয়া সম্ভাৱনা আছে। যদি সেয়াই হয় গুৱাহাটী লোকসভা সমষ্টিৰ পৰা ববিতা শৰ্মাই টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক একেদৰে এইবাৰ দলটোৱে বৰপেটাৰ পৰা কৃষক মুক্তি সংগ্রাম সমিতিৰ পৰা কংগ্ৰেছত যোগদান কৰা কমল কুমাৰ মেধিক টিকট প্ৰদান কৰাৰ সম্ভাৱনা অধিক। উল্লেখ্য যে দলটোৱে কলিয়াবৰ লোকসভা সমষ্টিত বৰ্তমাৰ সাংসদ গৌৰৱ গগৈকে পুনৰ প্রক্ষেপ কৰাটো প্ৰায় নিশ্চিতি হৈছে। আনহাতে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলটোৱে জ্যেষ্ঠ নেতা পৱন সিং ঘটোৱাৰক টিকট প্ৰদানৰ পূৰ্ণ সম্ভাৱনা আছে।
- Log in to post comments
- 257 views