নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ল বুলি সদনত ঘোষণা নকৰা পৰ্যন্ত বিৰোধিতা কৰি যাব বিৰোধী দলসমূহে 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ল বুলি সদনত ঘোষণা নকৰা পৰ্যন্ত বিৰোধিতা কৰি যাব বিৰোধী দলসমূহে 

তীব্র প্ৰতিবাদৰ মাজতে ভাল খবৰ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চল উত্তাল হৈ থকাৰ সময়তে কৃষক নেতা অখিল গগৈ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পলাশ চাংমাইৰ নেতৃত্বত দিল্লীত ৭০ সংগঠনৰ প্ৰতিনিধি। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ প্ৰতিনিধি দলটোৱে ইতিমধ্যে সাক্ষাৎ কৰিছে ৰাজ্যসভাৰ বিৰোধী দলসমূহৰ নেতৃত্বক। শুকুৰবাৰৰ পৰা বিৰোধী দলসমূহৰ নেতৃবৰ্গক সাক্ষাৎ কৰি আজি কিছুসময় পূৰ্বে সংগঠনকেইটাৰ নেতৃবৰ্গই এক সংবাদমেল সম্বোধন কৰে নতুন দিল্লীত।

সংবাদমেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে কয় যে কালিৰে পৰা সাক্ষাৎ কৰা পাঁচটাকৈ বিৰোধী দল ক্ৰমে সমাজবাদী পাৰ্টী, আম আদমী, আৰজেডি, চিপিআই আৰু কংগ্ৰেছ দলৰ নেতৃবৰ্গই জানিবলৈ দিয়া অনুসৰি বিজেপি দলে চলিত ৰাজ্যসভাৰ অধিবেশনত উত্থাপন নকৰে নাগৰিকত্ব সংশোধনী বিধেয়ক। ইতিমধ্যে কালি প্ৰকাশ পোৱা অধিবেশনৰ কাৰ্যক্ৰমণিকাতো নাই এইখন বিধেয়কৰ কথা। লগতে তেওঁ সংবাদমেলত জানিবলৈ দিয়ে যে এই কাৰ্যক্ৰমণিকা বাছনি সমিতিত থকা সদস্য কংগ্ৰেছ দলৰ ভুৱনেশ্বৰ কুমাৰে এই কথা স্পষ্টকৈ জানিবলৈ দিছে বুলিও উল্লেখ কৰে।

সংবাদমেলত লগতে তেওঁ উল্লেখ কৰে যে বিজেপি দলটো এটা পাগলৰ দল৷ গতিকে কাৰ্যক্ৰমণিকাত নথকাৰ পাছতো সংসদীয় নীতি ভংগ কৰি উত্থাপন কৰিব পাৰে বিধেয়কখন। যদি সেই অনুসৰি বিধেয়কখন উত্থাপন কৰে তেন্তে প্ৰতিটো বিৰোধী দলে তাৰ বিৰোধিতা কৰাৰ পূর্ণ আশ্বাস প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে। আনহাতে, বিৰোধী দলসমূহৰ নেতৃবৰ্গই সংসদত বিধেয়কখন বাতিল হ'ল বুলি ঘোষণা নকৰা পৰ্যন্ত বিৰোধিতা কৰি যাব বুলিও নিশ্চয়তা প্ৰদান কৰাৰ কথা সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে অখিল গগৈয়ে।

Your Comments