বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকাত নাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা

ে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ৰাজ্যত এতিয়া তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। তাৰ মাজতে যোৱা ৩১ জানুৱাৰী পৰা আৰম্ভ হৈছে ৰাজ্যসভাৰ বাজেট অধিৱেশন। বিজেপি দলে এই অধিৱেশনতে জাতি বিৰোধী বিধেয়কখন উত্থাপন কৰি গৃহীত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। অসমৰ প্ৰতিটো দল-সংগঠন তথা বিধেয়কবিৰোধী জনতাইও সন্দেহ কৰিছে এই বাজেট অধিৱেশনত বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপিয়ে চেষ্টা চলাব।

বহুতে ধাৰণা কৰিছে যে বিধেয়কখন গৃহীত কৰাৰ বাবে ৰাজ্যসভাত বিজেপি দলক যিমান সমৰ্থন লাগিব সেই দিশৰ পৰা বিজেপি দলে বিধেয়কখন হয়তো উত্থাপন নকৰিব। এই দোধোৰ-মোধোৰ ধাৰণাৰ মাজতে আজি চলিত বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা প্ৰকাশ কৰা হ'ল। গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰা কাৰ্যক্ৰমণিকাত উল্লেখ নাই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ কথা।

Your Comments