বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈছে ৰাজ্যৰ জনগণ। চৰকাৰৰ এই বিধেয়কখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি ইতিমধ্যে গঢ়ি তুলিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। আজি জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। অসমৰ জনসাধাৰণ তথা দল-সংগঠনসমূহে আলফাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিছে।
লগতে তেওঁ অসমৰ দল-সংগঠনসমূহক উপলুঙা কৰি কয় যে বিদেশৰ ফোনকলৰ ওপৰত নিৰ্ভৰ কৰি চলে আন্দোলন। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বহু সাংবাদিক আৰু বহু সংগঠনৰ নেতালৈ এতিয়া বিদেশৰ পৰা ফোন আহে। সেই ফোন অহা সাংবাদিক আৰু নেতাৰ তালিকা তেওঁৰ ওচৰত আছে বুলিও মত প্ৰকাশ কৰে।
ইফালে যোৱা ৩০ জানুৱাৰীত তিনিচুকীয়াত সংঘটিত হোৱা মাৰপিটৰ সন্দৰ্ভত তেওঁ কয় যে এই ঘটনাও নিয়ন্ত্ৰণ কৰিছে আলফাই। ইয়াৰ উপৰি তেওঁ অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে পুনৰ সংবাদ মাধ্যম দায়ী বুলি উল্লেখ কৰে।
- Log in to post comments
- 44 views