কোনো বিৰোধী ৰাজনৈতিক দল নহয়। নহয় কোনো জাতীয় দল-সংগঠনো৷ এইবাৰ ৰাজপথত সতীৰ্থৰ নিৰ্যাতনৰ ন্যায় বিচাৰি ওলাই আহিল স্বয়ং চৰকাৰী পক্ষ তথা বিজেপি দল। সমগ্ৰ ৰাজ্যৰ লগতে আজি গুৱাহাটী মহানগৰীৰ ৰাজপথটো দেখা গ'ল বিজেপি দলৰ প্ৰতিবাদী সমদল। ৩০ জানুৱাৰীত তিনিচুকীয়া জিলা বিজেপিৰ সভাপতিক প্ৰহাৰৰ উচিত তদন্ত বিচাৰি ৰাজপথলৈ ওলাই আহিল বিজেপি সদস্যসকল।
গুৱাহাটী মহানগৰ জিলা বিজেপিয়ে উলিওৱা এই প্ৰতিবাদী সমদল গুৱাহাটীৰ উত্তৰ-পূব মণ্ডলৰ মাণ্ডলিক কাৰ্যালয়ৰ পৰা গুৱাহাটী জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হয়। 'তিনিচুকীয়াত সংঘটিত ঘটনাৰ সৈতে তৃতীয়পক্ষ জড়িত হৈ আছে । আছু তথা জাতীয় সংগঠন এই ঘটনাত জড়িত নাই। এই ঘটনাত জড়িত আছে এক ৰাজনৈতিক শক্তি।' এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা গুৱাহাটী জিলা বিজেপি সভাপতি বিচিত্ৰ কলিতাৰ।
লগতে কলিতাই কয় যে বিজেপি আৰু আছুৰ মাজত বিবাদ সৃষ্টিৰ বাবে তৃতীয় শক্তিয়ে এই দুষ্কাৰ্য সংঘটিত কৰিছে। যদিও বিজেপি জিলা সভাপতিগৰাকীয়ে কোন ৰাজনৈতিক দল তিনিচুকীয়া কাণ্ডৰ সৈতে জড়িত হ'ব পাৰে স্পষ্ট কৈ নক'লে, আওপকীয়াকৈ কংগ্ৰেছ দলৰ প্ৰতি সন্দেহ প্ৰকট কৰা দেখা গ'ল। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি দলৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ, গুৱাহাটী জিলা যুৱ মৰ্চাৰ নেতা মানসজ্যোতি দাস, দীনেশ দাস, জ্যেষ্ঠ বিজেপি নেত্ৰী বিজুলী কলিতা প্ৰমুখ্যে প্ৰায় দুই শতাধিক নেতা-কর্মীয়ে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে 'ভাৰত মাতা কি জয়' ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। তেওঁলোকে ৰাজপথত সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ৰঞ্জিত দাস জিন্দাবাদ ধ্বনি দিয়ে। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমত জাতীয় দল-সংগঠনে তীব্র গণতান্ত্ৰিক আন্দোলন চলাই থকাৰ সময়তে যোৱা ৩০ জানুৱাৰীত তিনিচুকীয়াত আৰএছএছৰ এখন সভাত আৰএছএছ তথা বিজেপি কর্মী আৰু বিধেয়কৰ বিৰোধিতা কৰা একাংশ ব্যক্তিৰ মাজত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা।
উক্ত ঘটনাত বিজেপি দলৰ তিনিচুকীয়া জিলা সভাপতি লক্ষেশ্বৰ মৰাণসহ বহুকেইজন বিজেপি কৰ্মী আহত হৈছিল। ইফালে জিলা সভাপতি বিচিত্ৰ কলিতাই কয় যে যোৱা ২৭ জানুৱাৰীত নলবাৰী ঘটনাৰ লগত বিজেপি কর্মী জড়িত নহয়। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত তেওঁ কয় যে অসমবাসীয়ে এতিয়াও সম্পূৰ্ণকৈ বুজি পোৱা নাই বিধেয়কৰ কথা, তাৰ বাবে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলে কিয় বিৰোধিতা কৰিছে বুলি প্ৰশ্ন কৰাত তেওঁ এই সম্পৰ্কত মতামত দিয়াৰ পৰা বিৰত থাকে।
- Log in to post comments
- 11 views