আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন৷ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অভিভাষণৰ জৰিয়তে আৰম্ভ হয় বাজেট অধিৱেশন ৷ ১৩ ফেব্ৰুৱাৰীলৈকে চলিব লগা সংসদৰ এইবাৰৰ বাজেট অধিৱেশন অসমীয়া জাতিৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে।
কিয়নো অসমীয়া জাতিয়ে দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি অহা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছত বাজেট অধিৱেশনত গৃহীত কৰাৰ বাবে গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব। যদিও কোৱা হৈছে যে ৰাজ্যসভাত বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপি মিত্ৰজোঁটৰ সংখ্যাগৰিষ্ঠ প্ৰতিনিধি নাই, তথাপি বিজেপিয়ে যিকোনো প্ৰকাৰে বিধেয়কখন গৃহীত কৰিব বুলি চৰ্চা হৈছে। বিধেয়কখন গৃহীত কৰাৰ বাবে ইতিমধ্যে বিজেপি চৰকাৰে ৰাজ্যসভাৰ সদস্য কিনা-বেচাত জড়িত হৈছে বুলি চৰ্চা হৈছে৷
- Log in to post comments
- 56 views