জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট 

a

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি সদৌ অসম কৰ্মচাৰী পৰিষদে ৰূপায়ণ কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।'জাতিতকৈ চাকৰি ডাঙৰ নহয়'-এই বার্তাৰে আজি  ৰাজ্যৰ প্ৰতিখন জিলাতে কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদ,অৱসৰপ্ৰাপ্ত কৰ্মচাৰী পৰিষদে পুৱা ১১ বজাৰ পৰা গ্ৰহণ কৰে ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।ইফালে কৰ্মচাৰী পৰিষদৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি পূর্ণ সমৰ্থন জনাইছেসদৌ অসম কৰ্মচাৰী পৰিষদৰ ধৰ্মঘটৰ কাৰ্যসূচী প্ৰতি পূর্ণ সমৰ্থন জনাইছে সদৌ অসম ছাত্ৰ সন্থাসহ ৩০ জনগোষ্ঠীয় সংগঠন,গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী সন্থায়ো ।

এই কথা কৰ্মচাৰী পৰিষদৰ দীঘলীপুখুৰীৰ পাৰৰ ধৰ্মঘট স্থলীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদে পূৰ্বৰ পৰাই ছাত্ৰ সন্থাৰ অভিভাৱক হিচাপে দায়িত্ব পালন কৰি আছে।যেতিয়াই ছাত্ৰ সন্থাই কোনো সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে, তেতিয়াই কৰ্মচাৰী পৰিষদৰ লগত  আলোচনা কৰিছে বুলি তেওঁ উল্লেখ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসম চৰকাৰে শ্বহীদৰ ত্যাগক অপমান কৰিছে বুলি ডঃ ভট্টাচাৰ্যই মন্তব্য কৰে। লগতে ধৰ্মঘটস্থলীৰ পৰাই তেঁও কংগ্ৰেছ দলক ৰাজ্যসভাত বিধেয়কৰ বিৰুদ্ধে নিৰ্ণায়ক ভূমিকা ল'বলৈ সকীয়াই দিয়ে।নহলে কংগ্ৰেছ দলটোৱেও শান্তি নাপাব বুলি তেওঁ উল্লেখ কৰে। 'আছু'ৰ সভাপতি দীপাংক নাথ আৰু কেইবাজনো কেন্দ্ৰীয় নেতা উপস্থিত আছিল । ধৰ্মঘটস্থলীত উপস্থিত আছিল অগপ দলৰ এটা প্ৰতিনিধি দলো।গুৱাহাটী জিলা কৰ্মচাৰী পৰিষদৰ এই ধৰ্মঘটত উপস্থিত থাকে কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ভূপেন বৰা,সাধাৰণ সম্পাদক ফকৰউদ্দিন আহমেদ প্ৰমুখ্যে বহুসংখ্যক কৰ্মচাৰী। দিনৰ দুই বজাত অন্ত পৰে এই ধৰ্মঘট কাৰ্যসূচীৰ।

Your Comments