চৰকাৰী পক্ষই কৌশলগতভাৱে ৰাজহুৱা খণ্ড বিদ্যালয়সমূহ ধ্বংস কৰি ব্যক্তিগত খণ্ডক শিক্ষা ব্যৱস্থাত ব্যৱসায়ৰ পথ মুকলি কৰি দিছে । তাৰ ফলত শিক্ষা সাংবিধানিক অধিকাৰসমূহ ম্লান হৈ পৰিছে। এই গুৰুত্বপূৰ্ণ মন্তব্য সৰ্বভাৰতীয় শিক্ষা অধিকাৰ মঞ্চ উপদেষ্টা তথা শিক্ষাবিদ ডঃ দীনেশ বৈশ্য। গুৱাহাটী প্ৰেছ ক্লাবত এছ এফ আই উদ্যোগত আয়োজিত এক সংবাদ মেল সম্বোধন কৰি শিক্ষাবিদগৰাকীয়ে কয় যে বৰ্তমান দেশৰ শিক্ষা ব্যয় ব্যৱস্থা সম্পূৰ্ণ বাণিজ্যিকীকৰণ হৈ পৰিছে।
যোৱা চাৰি বছৰত দেশত দুই লাখতকৈ অধিক চৰকাৰী খণ্ড বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। তেওঁ কয় যে অসমত এতিয়া এনে বহু মহাবিদ্যালয় আছে য'তনেকি প্ৰতিষ্ঠা সময়ত থকা নিৰ্দিষ্ট বিষয়সমূহ লৈয়ে আজিও মহাবিদ্যালয় চলি আছে। নতুন বিষয় সংযোজন কৰাৰ বাবে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই চৰকাৰে । আনহাতে এই সংবাদ মেলতে চৰকাৰী খণ্ড শিক্ষা ব্যৱস্থা ধ্বংসৰ ছবি দাঙি ধৰি তেওঁ কয় যে কেৱল মাত্ৰ গুৱাহাটী মহানগৰীতে উচ্চশিক্ষা প্ৰতিষ্ঠান চৰকাৰী মহাবিদ্যালয়সমূহত প্ৰায় তিনি শতাধিক প্ৰবক্তা পদ খালি আছে।
কিন্তু চৰকাৰে পদসমূহ পূৰণ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে দিয়া নির্দেশ অনুসৰি প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত পৰিবেশ বিজ্ঞান বিষটো বাধ্যতামূলক বিষয় হিচাপে কিন্তু উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশক কোনো গুৰুত্ব দিয়া নাই আজিৰ শিক্ষা ব্যৱস্থাই। কাৰণ আজি পৰ্যন্ত ৰাজহুৱা খণ্ডৰ এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানতো পৰিবেশ বিজ্ঞান বিষয়ৰ স্থায়ী প্ৰবক্তা নাই বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে ২০১৮ চনত নতুন যি শিক্ষা আয়োগ গঠন কৰিলে চৰকাৰে সেই আয়োগত দুভাগ্যজনকভাৱে এজনো শিক্ষাবিদ নাই।
কেইজনমান আমোলাক লৈ নতুন শিক্ষা আয়োগ গঠন কৰিলে চৰকাৰী পক্ষই বুলিও তেওঁ উল্লেখ কৰে। ইফালে ২০১৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় অনুযায়ী আদেশ দিছিলি প্ৰধান মন্ত্ৰী, মুখ্য মন্ত্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰীয়াল সকলোৰে নিজৰ ল'ৰা-ছোৱালীক স্থানীয় চৰকাৰী বিদ্যালয়ত পঢ়াব লাগিব।
কিন্তু ন্যায়ালয়ৰ সেই নির্দেশ আজি কোনেও পালন নকৰিলে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে এই সংবাদ মেলতে জানিবলৈ দিয়ে যে অহা তিনি ফেব্ৰুৱাৰী তাৰিখৰ দিনা ৰাজহুৱা খণ্ড শিক্ষা ব্যৱস্থাক ধ্বংসমুখী যাত্ৰা পৰা উদ্ধাৰ কৰাৰ বাবে এছ এফ আইৰ উদ্যোগত আয়োজন কৰা হৈছে এখন ছাত্ৰ-শিক্ষক বিশেষ অভিবৰ্তন।
ইয়াৰ উপৰি তেওঁ এই সংবাদ মেলতে তেওঁ জানিবলৈ দিয়ে অহা ১৮ ফেব্ৰুৱাৰী তাৰিখৰ দিনা সৰ্বভাৰতীয় শিক্ষা অধিকাৰ মঞ্চই শিক্ষা, গণতন্ত্ৰ আৰু দেশ ৰক্ষাৰ বাবে আয়োজন কৰা 'দিল্লী চলো' কাৰ্যসূচীত অসমৰ পৰা প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক, বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰিব বুলি এই সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে।
- Log in to post comments
- 56 views