নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগত উত্তৰ-পূৰ্বাঞ্চলজুৰি তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে আজি জনতা দল (ইউনাইটেড) আৰু অসম গণ পৰিষদ দলে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত। বৈকঠকত মিলিত হৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিষয়ে অসম গণ পৰিষদ দলে জনতা দল (ইউনাইটেড) দলৰ প্ৰতিনিধিক অৱগত কৰায়। বৈঠকৰ অন্তত অগপৰ মুখ্য কাৰ্যলয়তে অগপ নেতৃত্ব আৰু জে ডি (ইউ)ৰ সম্পাদক প্ৰধান তথা ৰাজ্যসভাৰ সাংসদ কে চি ত্যাগীয়ে এক সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত অগপ সভাপতি অতুল বৰাই কয় যে অসমবিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কক কোনো কাৰণতেই মানি লোৱা নহ'ব। আৰু বিধেয়কৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও সকীয়াই দিয়ে। আনহাতে, সংবাদমেলখনত জনতা দল (ইউনাইটেড)ৰ নেতা কে চি ত্যাগীয়ে কয় যে আছুৰ অসম আন্দোলনক আমি সমৰ্থন দিছিলো। বিধেয়কৰ বিৰূদ্ধে চলা এই আন্দোলনৰ প্ৰতি আমাৰ সমৰ্থন আছে। এই বিধেয়ক অসাংবিধানিক আৰু ই অসম আৰু উত্তৰ-পূবৰ জনগাঁথনি সলনি কৰি দিব। গতিকে আমি এই বিধেয়কৰ বিৰোধিতা কৰিম ৰাজ্যসভাত। লগতে তেওঁ কয় যে এই বিধেয়ক বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত গ্ৰহণ কৰিবলৈ লৈছে।
আনহাতে, জনতা দল (ইউনাইটেড)ৰ নেতাজনে কংগ্ৰেছৰ ভূমিকাতো সন্দেহ প্ৰকাশ কৰি কয় যে কংগ্ৰেছে বিধেয়কবিৰোধী ৰাজনৈতিক শক্তিক একত্ৰিত কৰিব লাগিছিল। কিন্তু কৰা নাই। ৰাজ্যসভাত কংগ্ৰেছে ৱাক-আউট কৰিলে বিধেয়ক গৃহীত হ'ব পাৰে।
বিধেয়কক লৈ ৰাজ্যসভাত ভোট হ'লে জে ডি (ইউ)-এ বিৰুদ্ধে ভোট দিয়াটো নিশ্চিত বুলি জানিবলৈ দিয়ে। আনহাতে, এই সংবাদমেলতে জানিবলৈ দিয়ে যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত উত্তৰ-পূবৰ বহুকেইটা ৰাজনৈতিক দলৰ লগত জে ডি (ইউ)ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। উক্ত বৈঠকত জে ডি (ইউ) উত্তৰ-পূবৰ তত্ত্বাৱধায়ক এন এছ এন লোথা উপস্থিত থাকিব। ইয়াৰ উপৰি বৈঠকত উপস্থিত থাকিব মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমা, মিজোৰামৰ মুখ্য মন্ত্ৰী। উপস্থিত থাকিব নাগালেণ্ডৰ ৰাজনৈতিক দল, মণিপুৰৰ ৰাজনৈতিক দল আৰু অৰুণাচলৰ ৰাজনৈতিক দলৰ প্ৰতিনিধি।
- Log in to post comments
- 11 views