কাইলৈ ৰাজ্যজুৰি ১ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আছুসহ ৩০ সংগঠনৰ

কাইলৈ ৰাজ্যজুৰি ১ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আছুসহ ৩০ সংগঠনৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত বিজেপি চৰকাৰৰ গুণ্ডাবাহিনীয়ে শিল নিক্ষেপ কৰি আঘাত কৰা কাৰ্যক তীব্র গৰিহণা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব লগতে ৩০টাকৈ জাতীয় সংগঠনৰ। আছুৰ মুখ্য কাৰ্যালয়ত সমগ্ৰ ঘটনা সংক্রান্তত আছুসহ ৩০টাকৈ জাতীয় সংগঠনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে বিজেপি চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত যি ফেচিষ্ট কাৰ্য সংঘটিত কৰিছে তাৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিব আছুসহ ৩০ সংগঠনে।

সংবাদমেলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে দমনমূলক শাসন পূৰ্বতে বহুত চলিছিল৷ কিন্তু নিটিকিল, ওফৰি গ'ল। বিজেপি দলৰো একে অৱস্থাই হ'ব। লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসক সকীয়নি প্ৰদান কৰি আজি এই সংবাদমেলতে আছু নেতৃত্বই ঘোষণা কৰি কয় যে শনিবাৰে নলবাৰীত আছু কর্মীসকলৰ ওপৰত বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে চলোৱা আক্ৰমণৰ প্ৰতিবাদত মঙলবাৰে সমগ্ৰ ৰাজ্যতে দিনৰ ১২ বজাৰ পৰা ১ ঘণ্টাৰ বাবে আছুসহ অসমৰ ৩০টা জনগোষ্ঠীয় সংগঠনে গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

লগতে অহা ৩০ জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সেই কাৰ্যসূচীৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাই পূৰ্ণ সমৰ্থন আগবঢ়াব। উল্লেখ্য যে আজি এই সংবাদমেলত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে ৩০টা সংগঠনৰ প্ৰতিনিধিও উপস্থিত আছিল।

Your Comments