গুৱাহাটী প্ৰেছ ক্লাবত ডঃ দেৱপ্ৰসাদ বৰুৱাৰ স্মৰণ সভা

গুৱাহাটী প্ৰেছ ক্লাবত ডঃ দেৱপ্ৰসাদ বৰুৱাৰ স্মৰণ সভা

মানৱ অধিকাৰৰ প্ৰবক্তা তথা অসমৰ ৰাজনৈতিক ইতিহাসৰ এজন স্বনামধন্য ৰাজনীতিবিদ ডঃ দেৱপ্ৰসাদ বৰুৱাৰ স্মৃতিত আয়োজন কৰা হয় এখন স্মৰণ সভা। পৰাগ কুমাৰ দাস তথ্য আৰু গৱেষণা কেন্দ্ৰ আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা হয় বিশ্ববৰেণ্য ব্যক্তিগৰাকীৰ স্মৃতিত স্মৰণ সভা। উক্ত সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই। লগতে এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অখিলৰঞ্জন দত্ত, জ্যেষ্ঠ অধিবক্তা অৰুপ বৰবৰা, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, বিমল প্ৰসাদ চৌধুৰী, লাচিত বৰদলৈ, ৰীতা দাস, আলফা নেতা মৃণাল হাজৰিকা, অধিবক্তা নেকিবুৰ জামান প্ৰমুখ্যে বহু সন্মানীয় ব্যক্তি আৰু ডঃ দেৱপ্ৰসাদ বৰুৱা পৰিয়ালৰ সদস্যসকল।

অনুষ্ঠানত অধ্যাপক ডঃ অখিলৰঞ্জন দত্তই বৰুৱাক সোঁৱৰণ কৰি কয় যে অসম আন্দোলনৰ এজন খনিকৰৰ লগতে তেওঁ আছিল মাৰ্ক্সবাদত বিশ্বাসী এজন ব্যক্তি। লগতে তেওঁ কয় যে ডঃ দেৱপ্ৰসাদ বৰুৱা আছিল এনে এজন ব্যক্তি, যিয়ে অসমৰ সমাজ জীৱনৰ এনেকুৱা এটা বিষয় নাই যিটো বিষয়ত মাত মতা নাই। তেওঁ লগতে প্ৰতি বছৰে দেৱপ্ৰসাদ বৰুৱাক স্মৰণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে এখন স্মাৰক আলোচনা অনুষ্ঠিত কৰাৰ বাবে চিন্তা-চর্চা কৰাৰ কথা জানিবলৈ দিয়ে। ইফালে এই অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে কয় যে ডঃ দেৱ প্ৰসাদ বৰুৱাৰ চিন্তাধৰাই সমাজৰ প্ৰতিটো দিশকে চুই গৈছে।

গুৱাহাটী প্ৰেছ ক্লাবত ডঃ দেৱপ্ৰসাদ বৰুৱাৰ স্মৰণ সভা

ইয়াৰ উপৰি অসমৰ প্ৰতিটো ছাত্ৰ সংগঠনৰ চিন্তাধাৰাত ডঃ দেৱপ্ৰসাদ বৰুৱাৰ আদর্শ দেখিবলৈ পোৱা যায় বুলিও উল্লেখ কৰে। কাৰণ প্ৰসংগত তেওঁ কয়- ছাৰে যুৱশক্তিক সদায় গুৰুত্ব দিছিল। ইয়াৰ উপৰি তেওঁ এই অনুষ্ঠানতে উল্লেখ কৰে যে বৰুৱা ছাৰে সমগ্ৰ বিশ্বৰ নাৰী সমাজৰ প্ৰতি সাৱলীল ভাষাৰে চিন্তা কৰিছিল। লগতে তেওঁ দেৱপ্ৰসাদ বৰুৱাৰ সৃষ্টিৰাজিৰ ওপৰত অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ে গৱেষণাৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য আগবঢ়ায়। ইয়াৰ উপৰি এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন সন্মানীয় ব্যক্তিয়ে ডঃ দেৱপ্ৰসাদ বৰুৱাৰ ওপৰত নিজৰ নিজৰ বক্তব্য আগবঢ়ায়।
 

Your Comments