বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ সকলো জাতীয় সংগঠন, লেখক-বুদ্ধিজীৱী, সাহিত্যক-সাংবাদিক, শিল্পী সমাজ ঐক্যবদ্ধ হোৱাৰ সময়তে বৃহস্পতিবাৰে বিজেপি দলৰ প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইত এক দলীয় সভাত অসমৰ সংবাদ জগতৰ দুই জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আৰু নিতুমণি শইকীয়াক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসমৰ ৭০টাকৈ জাতীয় সংগঠনে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যলয়ত অসমৰ ৭০টাকৈ জাতীয় সংগঠনে এক সংবাদমেল সম্বোধন কৰি প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কয়, "অসমৰ ৰাজনীতিত বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা এটা পগলা কুকুৰ।
কাৰণ পগলা কুকুৰে যিদৰে যাকে পাই তাকে কামুৰি ফুৰে, ঠিক একেদৰে হিমন্ত বিশ্ব শৰ্মাইয়ো যাকে পাই তাকে কামুৰিবলৈ ধৰিছে, লগতে বলিয়াৰ প্ৰলাপ বকিব ধৰিছে। নহ'ল হয়তো বৃহস্পতিবাৰে দলীয় সভাখনত জ্যেষ্ঠ সাংবাদিক দুজনক ব্যক্তিগতভাৱে আক্ৰমণ নকৰিলেহেঁতেন।" ৭০ সংগঠনৰ নেতৃবৰ্গই বহুবল্কী মন্ত্ৰীজনৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে হিমন্ত বিশ্ব শৰ্মাই জ্যেষ্ঠ সাংবাদিক দুজনক তুচ্ছ-তাচ্ছিল্য কৰি সমগ্ৰ অসমৰ সংবাদ ক্ষেত্ৰখনকে আক্ৰমণ কৰিছে। ই এটা গণতন্ত্ৰৰ বাবে অতি দুৰ্ভাগ্যজনক কথা বুলি উল্লেখ কৰি ৭০ সংগঠনৰ নেতৃবৰ্গই কয় যে অসমৰ সমূহ সংবাদ মাধ্যমে মন্ত্ৰীজনক ৰাজহুৱাভাৱে বয়কট কৰিব লাগে আৰু অতি সোনকালে হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰৰ ঘটনাটোৰ সন্দৰ্ভত ক্ষমা খুজিব লাগে বুলিও সকীয়াই দিয়ে।
যদি তেওঁ ক্ষমা নোখোজে তেন্তে ৭০ সংগঠনৰ নেতৃবৰ্গই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে এই সংবাদমেলতে কৃষক নেতা অখিল গগৈয়ে কয় যে ক'লা পতাকা দেখি দেখি হিমন্ত বিশ্ব শৰ্মা এতিয়া উন্মাদ হৈছে। লতাশিলৰ সদৌ অসম ছাত্ৰ সন্থাৰ ব্ৰজনিনাদ কাৰ্যসূচীত জনতাৰ সমৰ্থন দেখি হিমন্ত বিশ্ব শৰ্মা পগলা কুকুৰৰ দৰে হৈছে। বিজেপিৰ ভেৰোণীয়া গুণ্ডা লগাই ক'লা পতাকাৰ আন্দোলন বন্ধ কৰাৰ সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰি এই সংবাদমেলতে কৃষক নেতাগৰাকীয়ে কয় যে জাতীয় শত্ৰুসকলক ক'লা পতাকা দেখুওৱাসকল আমাৰ বাবে জাতীয় বীৰ সেনানী। হিমন্তই এতিয়া নাগপুৰ আৰু দিল্লীৰ বাধ্য ছাত্ৰ হৈ থাকিবলৈ গৈ নিজৰ ভৰি তলৰ মাটি হেৰুৱাই উন্মাদ হৈ পৰিছে।
আনহাতে, এই সংবাদমেলতে কৃষক নেতাগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক অসমীয়া জাতীয় জীৱনৰ এটা গলগ্ৰহ বুলিও অভিহিত কৰে। ইফালে বৃহস্পতিবাৰে বিজেপিয়ে সৰুসজাইত আয়োজন কৰা দলীয় সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে সৰুসজাইৰ সভাখনৰ উদ্দেশ্য কেৱল অসমীয়া আৰু অসমীয়াৰ মাজত ভাতৃঘাতী সংঘাত সৃষ্টি কৰা। এই সংবাদমেলতে অখিল গগৈয়ে কয় যে নাগপুৰৰ ওচৰত একান্ত বাধ্য ছাত্ৰ হোৱা বাবে এতিয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত প্ৰতিযোগিতা চলিছে। সেই বাবে এতিয়া নিমাতী কইনাৰ ভূমিকাত অৱতীৰ্ণ হোৱা সৰ্বানন্দ সোণোৱালৰ মাত ওলাইছে। আৰ এছ এছৰ মোহন ভাগৱত, অমিত শ্বাহৰ প্ৰিয় হোৱাৰ বাবে এতিয়া হিমন্ত আৰু সৰ্বানন্দৰ প্ৰতিযোগিতা চলিছে। এই সংবাদমেলতে সকীয়নি প্ৰদান কৰি কৃষক নেতাগৰাকীয়ে কয় যে মোগলক ১৭বাৰকৈ অসমীয়াই পৰাজিত কৰিছিল।
আৰু সেই অসমীয়াই বিজেপিক ১০০০বাৰ পৰাজিত কৰিব পাৰিব বুলি প্ৰত্যাহ্বান জনায়। ইফালে এই সংবাদমেলৰ পৰাই ৭০ সংগঠনে প্ৰত্যহ্বান জনাই কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালক যদি জাতি ৰক্ষাৰ স্বাৰ্থত সংঘাতত লিপ্ত হ'ব বিচাৰিছে তেন্তে তেনে সংঘাতলৈ ৭০ সংগঠন সাজু বুলিও ঘোষণা কৰে। লগতে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে উদাহৰণ আছে হিমন্ত বিশ্ব শৰ্মাই ভয় কৰিলে ভৰিত ধৰে আৰু বিপদত পৰিলে ভৰিত ধৰে। তাৰ উদাহৰণ টাডা গোচৰৰ পৰা বাচি যাবলৈ হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰিছিল৷ একেদৰে পাছৰ পৰ্যায়ত তৰুণ গগৈ আৰু শেষত সিদ্ধাথ ভট্টাচাৰ্যৰ ভৰিত ধৰি বাচি আছে। ইফালে হিমন্ত বিশ্ব শৰ্মাই শৰাইঘাটৰ যুদ্ধৰ কথা পাহৰি পানিপথৰ যুদ্ধত অৱৰ্তীন হ'ব বুলি ঘোষণা কৰা কথাটো উল্লেখ কৰি কৃষক নেতা অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই নাজানে পানিপথ যুদ্ধৰ কাৰ কাৰ মাজত হৈছিল।
সেয়েহে তেওঁ ইতিহাস ভালকৈ অধ্যয়ন কৰি মন্তব্য কৰক বুলিও সোঁৱৰাই দিয়ে। ইফালে এই সংবাদমেলৰ পৰাই ৭০ সংগঠনে ঘোষণা কৰে যে জাতি ৰক্ষাৰ স্বাৰ্থত যদি ৰণ হ'ব লাগে তেন্তে শৰাইঘাটৰ ৰণেই হ'ব আৰু সেই শৰাইঘাটত লাচিতৰ ভূমিকা পালন কৰিব অসমীয়া জাতিয়ে আৰু মোগলৰ ভূমিকা গ্ৰহণ কৰিব অমিত শ্বাহ, নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰনজিৎ দাসহঁতৰ দৰে জাতিৰ শত্ৰুসকলে। উল্লেখ্য যে এই মঞ্চৰ পৰাই ৭০ জাতীয় সংগঠনে দাবী জনাই কয় যে ভাৰতবর্ষৰ সংবিধানক অৱমাননা কৰা হিমন্ত বিশ্ব শৰ্মাক আই পি চি ১২০(ক), ১২০(খ) আৰু এন এছ ডি ১১৩ত গ্ৰেপ্তাৰ কৰিব লাগে। লগতে জাতিক ভালপোৱা প্ৰতিজন বিজেপিকৰ্মীক আহ্বান জনাই কয় যে জাতিৰ স্বাৰ্থত প্ৰতিজন জাতিক ভালপোৱা বিজেপিকর্মীয়ে দলৰ পৰা ওলাই আহক। ইয়াৰ উপৰি ২৪ ঘণ্টা কেৱল ধৰ্ম ধৰ্ম কৈ ফুৰা হিমন্তক প্ৰতিজন খিলঞ্জীয়া অসমীয়া মুছলমানে বলি দিয়ক বুলিও আহ্বান জনায়। প্ৰতিজন খিলঞ্জীয়া অসমীয়া মুছলমানলৈ আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে বলি দিব লাগে বুলিও কয়।
- Log in to post comments
- 32 views