নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত আন্দোলন চলি থকাৰ সময়তে আজি সন্ধিয়া ৭ বজাত কৃষক মুক্তি সংগ্রাম সমিতিসহ অসমৰ ৭০টাকৈ জাতীয় সংগঠনে সাক্ষ্যাৎ কৰিব অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱট তথা অসম প্ৰদেশ কংগ্ৰেছ দলৰ নেতৃবৃন্দক। মহানগৰৰ হোটেল গে'টৱে' গ্রেণ্ডিউৰত অসমৰ ৭০টাকৈ জাতীয় সংগঠনৰ সৈতে কংগ্ৰেছ দলৰ সৈতে অনুষ্ঠিত হ'বলগা বৈঠকত ৰাজ্যসভাৰ অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে কি ভূমিকা পালন কৰিব সেই সম্পৰ্কত আলোচনা কৰিব। এই কথা জানিবলৈ দিছে কৃষক নেতা অখিল গগৈয়ে। অখিল গগৈয়ে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কংগ্ৰেছ দলক উদ্দেশ্য কৰি কয় যে ৰাজ্যসভাত কংগ্ৰেছ দলে গ্ৰহণ কৰিব লাগিব এক শক্তিশালী ভূমিকা, যাতে কোনো প্ৰকাৰে বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব নোৱাৰে।
যদি কংগ্ৰেছ দলে ৰাজ্যসভাত শক্তিশালী বিৰোধীৰ ভূমিকা গ্ৰহণ নকৰি কিবা খেলিমেলি কৰে, তেন্তে বিজেপিৰ দৰে অসমত কংগ্ৰেছ দলৰো কোনো স্থান নাথাকিব বুলি উল্লেখ কৰে। কংগ্ৰেছ দলে এক সোণালী সুযোগ পাইছে, এই সুযোগ গ্ৰহণ কৰা নকৰাটো এতিয়া নিৰ্ভৰ কৰিব কংগ্ৰেছ দলৰ স্থিতিৰ ওপৰত বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰি কৃষক নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে ৰাজ্যসভাত কংগ্ৰেছ দলে বিধেয়কৰ বিৰুদ্ধে যাতে শক্তিশালী ভূমিকা গ্ৰহণ কৰে তাৰবাবে ৩০ জানুৱাৰীৰ ভিতৰত কংগ্ৰেছ দলৰ নেতৃত্বত ৰাহুল গান্ধীকো লগ ধৰি সমগ্ৰ বিষয়টো সন্দৰ্ভত আহ্বান জনাব।
- Log in to post comments
- 30 views