২৭ জানুৱাৰীৰ অৱৰোধ কাৰ্যসূচী বাতিল ৭০ সংগঠনৰ

২৭ জানুৱাৰীৰ অৱৰোধ কাৰ্যসূচী বাতিল ৭০ সংগঠনৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে ২৭ জানুৱাৰীত গ্ৰহণ কৰিবলগা পথ অৱৰোধ আৰু ৰে'ল অৱৰোধ কাৰ্যসূচী বাতিল। এই কথা আজি সংবাদমেলযোগে ঘোষণা কৃষক নেতা অখিল গগৈসহ ৭০ সংগঠনৰ নেতৃবৰ্গৰ। সংবাদমেলত ২৭ জানুৱাৰীৰ কাৰ্যসূচী বাতিল সন্দৰ্ভত কৃষক নেতা অখিল গগৈয়ে কয় যে অসমৰ ৰাইজৰ আহ্বান আৰু সেই দিনটোত চাকৰি সংক্রান্তীয় পৰীক্ষা থকাৰ বাবে এই কাৰ্যসূচী বাতিল কৰিছে।

ইফালে এই কাৰ্যসূচী বাতিল কৰি ২৭ জানুৱাৰীত তিনিচুকীয়া জিলাৰ পানীটোলত কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে নাগৰিকত্ব সংসধনী বিধেয়কৰ বিৰুদ্ধে আয়োজন কৰিছে বিশাল গণ সমবেশ কাৰ্যসূচী। এই সংবাদমেলতে কৃষক নেতাগৰাকীয়ে জানিবলৈ দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ২৮ আৰু ২৯ জানুৱাৰীত দিছ্পুৰত অসমৰ ৭০ জাতীয় সংগঠনে গ্ৰহণ কৰিব বিক্ষোভ কাৰ্যসূচী।

ইফালে এই সংবাদমেলতে কৃষক নেতাগৰাকীয়ে কয় যে আগন্তক ২৮ জানুৱাৰী পৰা আৰম্ভ হ'বলগা অসম বিধানসভা অধিবেশনত এইবাৰ কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে, খিলঞ্জীয়াৰ সাংবাবিধানিক ৰক্ষা কৱচ আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত আলোচনা হ'ব লাগে বুলি উল্লেখ কৰে। কাৰণ তেওঁ কয় যে এই সময় জাতিৰ অস্তিত্বৰ সন্ধিক্ষণৰ সময়। গতিকে এই সময়ত বেলেগ বিষয় আলোচনা কৰি লাভ নাই বুলিও মন্তব্য প্ৰকাশ কৰে। লগতে বিধানসভা অধিবেশনৰ সময়ত ২৮ আৰু ২৯ জানুৱাৰীত প্ৰতিবাদী কাৰ্যসূচীৰে বিজেপি বিধায়কসকলক জবাবদিহি কৰিব বুলিও জানিবলৈ দিয়ে।

Your Comments