ৰাজ্যসভাত উত্থাপনৰ বাবে ২০০ ঘণ্টাৰো কম সময় : অগপক সবল স্থিতি ল'বলৈ আহ্বান বিভিন্নজনৰ

w

"ক্ষমতা নোপোৱাকৈ থকাটো ভাল, কিন্তু ক্ষমতা পাই এৰি অহাটো এটা কঠিন কাম। এই কঠিন কামটোকে অসম গণ পৰিষদে জাতিৰ আহ্বানত কৰি দেখুৱাই প্ৰকৃত জাতিপ্ৰেমৰ পৰিচয় দিলে।" এই গুৰুত্বপূৰ্ণ মন্তব্য লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ। আজি গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অসম গণ পৰিষদ দলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত গ্ৰহণ কৰিছিল অনশন কাৰ্যসূচী।

w

উক্ত কাৰ্যসূচীত দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি উপস্থিত আছিল দলটোৰ বিধায়ক তথা কর্মীসকল। গুৰুত্বপূৰ্ণ কথা এই যে অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা অগপ দলৰ এই অনশনস্থলীলৈ প্ৰত্যক্ষভাৱে ওলাই আহি দলটোক উৎসাহ জনোৱা দেখা গ'ল অসমীয়া জাতিৰ ভালেসংখ্যক অৰাজনৈতিক ব্যক্তিক। সেই হিচাপে অনশনস্থলীত উপস্থিত আছিল কৃষক নেতা অখিল গগৈ, লেখিকা মাইনী মহন্ত, বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁই, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, অধিবক্তা হাইদৰ হুছেইন, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, লেখিকা অনুৰাধা শৰ্মা পূজাৰী প্ৰমুখ্যে বহুসংখ্যক গণ্য-মান্য ব্যক্তি।

q

অনুষ্ঠানত উপস্থিত হৈ কৃষক নেতা অখিল গগৈয়ে কয় যে জাতিৰ স্বাৰ্থত মিত্ৰতা ভংগ কৰি অগপ দলে দেশৰ ৰাজনীতিৰ ইতিহাসত এক নজিৰবিহীন ইতিহাস ৰচনা কৰিলে। লগতে তেওঁ দলটোক আহ্বান জনায়, আগন্তুক দিনবোৰত অসমৰ ৰাজনীতিত বিজেপিক প্ৰতিহত কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ অসমৰ ৭০টাকৈ জাতীয় সংগঠনে অসম গণ পৰিষদক সহায় কৰিব বুলিও ঘোষণা কৰে।

ইয়াৰ উপৰি এই অনশনস্থলীত উপস্থিত থাকি জ্যেষ্ঠ বুদ্ধিজীৱী হীৰেন গোঁহায়ে অগপ দলটোক মিত্ৰতা ভংগ কৰাৰ বাবে প্ৰথমে ধন্যবাদ জনায়। লগতে তেওঁ কয় যে এই মিত্ৰতা ভংগ যদিও পলম হ'ল তথাপিও কিন্তু অসমৰ ৰাইজৰ মনত এক নতুন আশা আৰু উল্লাহৰ সূচনা কৰিছে। এই অনশনস্থলীতে হীৰেন গোঁহায়ে কয়- মোক অসম আন্দোলনৰ বিৰোধী বুলি বহুতে কয়৷ কিন্তু মই অসম আন্দোলনক বিৰোধিতা কৰা নাছিলোঁ, বিৰোধিতা কৰিছিলোঁ অসম আন্দোলনৰ ভুল নীতিসমূহ৷

অগপ দলৰ মাজত থকা ভুলবোৰ তেওঁ অনশনস্থলীতে তুলি ধৰে। আনহাতে, এই অনশনস্থলীতে অধিবক্তা জোনমণি দেৱী খাউণ্ডে কয় যে বিধেয়কখনৰ কথা জানিও মিত্ৰতাত থকা বাবে বহু সময়ত অগপ দলক সমালোচনা কৰিছিলোঁ। কিন্তু আজি সেই হিন্দুত্ববাদী দলৰ পৰা অগপ ওলাই আহিল, সেইবাবে আজি দলটোক সহায় আৰু সাহস দিবলৈ ওলাই আহিছোঁ। লগতে তেওঁ কয় যে আগন্তুক নিৰ্বাচনত বিজেপিক ওফৰাই পেলাবলৈ আমি সকলোৱে ঐক্যবদ্ধ হৈ অগপ দলক আগবঢ়াই নিব লাগিব।

t

আনহাতে, এই অনশনস্থলীত উপস্থিত হৈ লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কয়- মই কোনো ৰাজনৈতিক দলৰ মানুহ নহয়৷ কিন্তু মই জাতিক ভালপাওঁ৷ সেইবাবে মই ইয়ালৈ আহিছোঁ। কাৰণ অগপ দলে একমাত্ৰ জাতিৰ স্বাৰ্থত পোৱা ক্ষমতা ত্যাগ কৰি ৰাইজৰ মাজলৈ ওলাই আহিছে। ময়ো সেই অগপ দলক শুভেচ্ছা দিবলৈ ইয়ালৈ আহিছোঁ। আনহাতে, উক্ত কাৰ্যসূচীত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন হবলৈ আৰু ২০০ ঘণ্টাৰো কম সময় আমাৰ হাতত আছে।

এই সময়খিনিৰ ভিতৰতে অগপ দলে ৰাজ্যসভাৰ বিৰোধী শক্তিসমূহক লগত লৈ দিল্লীত এখন ৰাষ্টীয় পৰ্যায়ত সংবাদমেল সম্বোধন কৰক। এই সংবাদমেলৰ জৰিয়তে বিধেয়কখনৰ ভয়াৱহতাৰ কথা ৰাষ্ট্ৰীয় পৰ্যায়ত অৱগত কৰক। লগতে তেওঁ কয়, এই ২০০ ঘণ্টা সময়ৰ ভিতৰতে বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ অগপ দলে ৰাজ্যসভাৰ বিৰোধী শক্তিসমূহক লগ ধৰক আৰু আহ্বান জনাওক বুলি পৰামৰ্শ দিয়ে।

q

ইফালে এই অনুষ্ঠানতে তেওঁ কয় যে আমি যদি বিজেপি দলক ৰাজনৈতিকভাৱে বশ কৰিব নোৱাৰো, তেন্তে আমি কৰি অহা আন্দোলনসমূহ অৰ্থহীন হ'ব। সেইবাবে ৰাজনৈতিক শক্তিৰে বিজেপিৰ লগতে যুজঁ দিব পৰাকৈ অগপ দলে এতিয়াৰে পৰা সাংগঠনিক ভেটি গঢ়ি তুলিব লাগিব। তাৰবাবে দলটোক অনশনস্থলীতে আহ্বানো জনায়। ইফালে দলটোৰ ভেটি মজবুত কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰি জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কয় যে জাতি-জনগোষ্ঠীয়, ধৰ্মীয় সংখ্যালঘুসকলৰ মাজত অগপ দলে সোমাই যাবলৈ চিন্তা কৰক।

q

এই দিশত যদি সহায়ৰ প্ৰয়োজন, তেওঁ দলৰ লগত যাব বুলিও জানিবলৈ দিয়ে। উল্লেখ যে এই অনশন কাৰ্যসূচীত উপস্থিত আছিল অগপ দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, বৃন্দাবন গোস্বামী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা, কমলা কলিতা, কবিন্দ্ৰ ডেকা প্ৰমুখ্যে দলটোৰ প্ৰায়বোৰ জ্যেষ্ঠ নেতা-কর্মীসকল। ইফালে এই অনশনস্থলীত কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় প্ৰমুখ্যে গুৱাহাটীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Your Comments