নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অনশন কাৰ্যসূচী গ্ৰহণ অসম গণ পৰিষদৰ। গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰে ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী। অগপ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গসহ দলটোৰ বিধায়ক আৰু কর্মীসকলো উপস্থিত থাকে। উপস্থিত থাকে হীৰেন গোঁহাই, কৃষক নেতা অখিল গগৈ, মাইনী মহন্ত, জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকন, অধিবক্তা নেকিবুৰ জামান।
ইফালে অগপ দলৰ হৈ অনশনস্থলীত উপস্থিত থাকে অতুল বৰা, কেশৱ মহন্ত, ফণীভুষণ চৌধুৰী, বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকা, সত্যব্ৰত কলিতা, কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে দলটোৰ প্ৰায়বোৰ জ্যেষ্ঠ নেতা। দলৰ সভাপতি অতুল বৰাই অনশনস্থলীৰ পৰা কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দলৰ ভিতৰত থাকোঁতেও যুঁজ দিছিলো আৰু এতিয়াও যুঁজ দিম। লগতে তেওঁ কয় যে ৰাইজৰ স্বাৰ্থত মিত্ৰতা ত্যাগ কৰিছোঁ যেতিয়া ৰাইজৰ হকে কাম কৰিম।
ইফালে অনশনস্থলীত উপস্থিত থাকি কৃষক নেতা অখিল গগৈয়ে অগপ দলক ধন্যবাদ জনাই কয় যে অগপ দলে জাতিৰ স্বাৰ্থত মিত্ৰতা ভংগ কৰি এক নজিৰবিহীন ইতিহাস ৰচনা কৰিলে। তাৰবাবে অগপ দলক কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে সদায় সহযোগ কৰি যাব বুলি আশ্বাস প্ৰদান কৰে।
লগতে অনশনস্থলীৰ পৰাই কৃষক নেতাগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাক আহ্বান জনাই কয় যে আমাৰ মাজত যদিও আছুৰ লগত আমাৰ মতৰ পাৰ্থক্য আছে, তথাপিও ৰাইজৰ স্বাৰ্থত আমি একেলগ হৈ আন্দোলন কৰিব লাগে। তাৰবাবে আছুক জাতীয় আন্দোলনখনত ঐক্যবদ্ধ হ'ব লাগে বুলিও কৃষক নেতাগৰাকীয়ে আহ্বান জনায়। ইফালে এই অনশনস্থলীত অগপ দলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও উপস্থিত থাকে।
- Log in to post comments
- 9 views