'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬' বাতিলৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত আজি পুৱা ৬ বজাৰ পৰা অসম গণ পৰিষদে আৰম্ভ কৰিছে অনশন কাৰ্যসূচী। কাৰ্যসূচীত অগপ দলৰ কেন্দ্ৰীয় নেতৃত্বসহ দলটোৰ বিধায়ক আৰু কর্মীসকলে অংশগ্ৰহণ কৰিছে৷ অগপৰ সভাপতি অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকা, সত্যব্ৰত কলিতা, কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা প্ৰমুখ্যে দলটোৰ প্ৰায়সকল জ্যেষ্ঠ নেতা অনশন কাৰ্যসূচীত উপস্থিত আছে৷
কৃষক নেতা অখিল গগৈ, বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকন, লেখিকা মাইনী মহন্ত, অধিবক্তা নেকিবুৰ জামানেও অনশনত অংশগ্ৰহণ কৰিছে। সভাপতি অতুল বৰাই অনশনস্থলীত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দলৰ ভিতৰত থাকোতেও যুজঁ দিছিলো আৰু এতিয়াও যুজঁ দিম। লগতে তেওঁ কয়- ৰাইজৰ স্বাৰ্থত মিত্ৰতা ত্যাগ কৰিছোঁ যেতিয়া ৰাইজৰ হকে কাম কৰিম। অনশনস্থলীত উপস্থিত কৃষক নেতা অখিল গগৈয়ে অগপ দলক ধন্যবাদ জনাই কয় যে অগপই জাতিৰ স্বাৰ্থত মিত্ৰতা ভংগ কৰি এক নজিৰবিহীন ইতিহাস ৰচনা কৰিলে।
অগপ দলক কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে সদায় সহযোগ কৰি যাব বুলি তেওঁ আশ্বাস প্ৰদান কৰে। লগতে কৃষক নেতাগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাক আহ্বান জনাই কয় যে যদিও কৃষক মুক্তিৰ সৈতে আছুৰ মতাদর্শৰ পাৰ্থক্য আছে, তথাপি ৰাইজৰ স্বাৰ্থত আমি একেলগ হৈ আন্দোলন কৰিব লাগিব।
- Log in to post comments
- 41 views