খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল গুৱাহাটীৰ ঐতিহাসক  লতাশিল খেলপথাৰ। সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে আয়োজন কৰা এই খিলঞ্জীয়াৰ ব্ৰজনিনাদ কাৰ্যসূচীলৈ সদলবলে ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া ৰাইজ। খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদী কণ্ঠত কঁপি উঠিল সমগ্ৰ ৰাজ্য। সকলোৰে এটাই দাবী- খিলঞ্জীয়াক বিপন্ন কৰিব পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে কেৱল সংগঠনে এতিয়া প্ৰতিবাদ কৰা নাই। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে মোডী চৰকাৰৰ এই বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে। এতিয়া আন্দোলনৰ কাৰ্যসূচী সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক লৈ চলিব।

খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

এই কথা জানিবলৈ দিয়ে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। ইয়াৰ উপৰি তেওঁ উপস্থিত জনতাক উদ্দেশ্য কৰি কয় যে অসমীয়া খিলঞ্জীয়া সজাগ হওক, বাংলাদেশীৰ ৰক্ষক এতিয়া দিছ্পুৰত বহি আছে। ক্ষমতাৰ গাদী হেৰোৱাৰ ভয়ত নাগপুৰৰ নিৰ্দশত এতিয়া উঠা-বহা কৰিছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ইয়াৰ উপৰি এই ব্ৰজনিনাদ কাৰ্যসূচীৰ পৰাই প্ৰধান মন্ত্ৰী মোডীক প্ৰশ্ন কৰি আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে বাংলাদেশত অত্যাচাৰৰ সন্মুখীন হোৱা কিমান হিন্দুৱে মোডীক তালিকা দিছে তাক ৰাজহুৱা কৰিব লাগে। ইয়াৰ উপৰি এই ব্ৰজনিনাদস্থলীৰ পৰাই আছুৰ উপদেষ্টাগৰাকীয়ে জনসাধাৰণক সজাগ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বিধেয়কখনক লৈ নিৰ্দিষ্ট তাৰিখৰ কথা ঘোষণা কৰিছে৷

খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

তেনে কোনো নিৰ্দিষ্ট তাৰিখ এই বিধেয়কখনত নাই। এই বিধেয়কখন গৃহীত হ'লে যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিব হিন্দু বাংলাদেশী। ইয়াৰ উপৰি তেওঁ কয় যে এই আইন গৃহীত হ'লে অসমত অসমীয়াৰ কোনো প্ৰভুত্ব নাথাকিব। ঠিক আজি যিদৰে ত্ৰিপুৰীসকলৰ অৱস্থা হৈছে, সেই একে অৱস্থা হ'ব অসমীয়া খিলঞ্জীয়াৰ বুলিও সোঁৱৰাই দিয়ে। ইফালে এই ব্ৰজনিনাদস্থলীৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে আন্দোলনৰ কৰিব নোৱাৰিব বুলি কৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্যৰ প্ৰত্যুত্তৰ জনাই কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এটা সময়ত সদৌ অসম ছাত্ৰ সন্থাত আছিল৷

খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

তেতিয়া তেওঁ কিয় আন্দোলন কৰিছিল? যদি সেই আন্দোলন অগতান্ত্ৰিক আছিল তেন্তে তেওঁ আজি অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগে। লগতে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক উদ্দেশ্যি তেওঁ কয় যে অসম আন্দোলনৰ দৰে আমাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাবর্ষ হেৰুৱাবলগা নহয়৷ কাৰণ আমাৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়াৰ সমান্তৰলকৈ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিব বুলিও জানিবলৈ দিয়ে। ইয়াৰ উপৰি সৰ্বানন্দ সোণোৱালক সোঁৱৰাই আছু উপদেষ্টাগৰাকীয়ে কয় যে পূৰ্বতেও বহু ৰজা আহিছে ৰাজ্য শাসন কৰিবলৈ৷ কিন্তু দমন নীতি যিয়েই গ্ৰহণ কৰিছিল সেই ৰজা আজি নাম নথকা প্ৰজা হৈ ক'ৰবাত হেৰাই গৈছে। সেই একেই দশা হ'ব অসমৰ বৰ্তমানৰ মেৰুদণ্ডহীন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বুলিও সকীয়াই দিয়ে। উল্লেখ্য যে এই খিলঞ্জীয়া ব্ৰজনিনাদ কাৰ্যসূচীত আছুসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ উপৰি অংশগ্ৰহণ কৰে শিল্পী, সাহিত্যক, সাংবাদিক, অধিবক্তা, শিক্ষক প্ৰমুখ্যে উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছ'ৰ প্ৰতিনিধি।

খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

আনহাতে, এই ব্ৰজনিনাদ কাৰ্যসূচীত শিল্পী সমাজৰ হৈ উপস্থিত থাকে জুবিন গাৰ্গ, মহেন্দ্ৰ হাজৰিকা, মলয়া গোস্বামী প্ৰমুখ্যে বহুসংখ্যক শিল্পী, কলা-কুশলী। কাৰ্যসূচীত উপস্থিত হৈ শিল্পী মহেন্দ্ৰ হাজৰিকাই কয় যে "চৰকাৰে আগ্নেয়গিৰি দেখিছে কিন্তু লাভা দেখা নাই"। লাভাই কি কৰিব পাৰে চৰকাৰে তাক বুজা উচিত বুলি চৰকাৰক সকীয়াই দিয়ে। ইফালে সংবাদ জগতৰ ফালৰ পৰা উপস্থিত থাকে অসম অসম কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, অসমবাণী কাকতৰ দিলীপ চন্দন, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে আমি পাঁচ বছৰৰ বাবে মোডী চৰকাৰক দেশখন ভাড়াত দিছিলোঁ। কিন্তু বিদেশীক আনি ৰক্ষণাবেক্ষণ দিয়া বাবে আমি মোডীক ভাড়া দিয়া নাছিলোঁ।

খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

ইতিমধ্যে ভাড়াৰ ম্যাদ তেওঁলোকৰ শেষ হ'ব হৈছে৷ আমি সিদ্ধান্ত লৈছোঁ এই ভাড়াৰ ম্যাদ আমি আৰু বৃদ্ধি নকৰো। কাৰণ এই পাঁচ বছৰত তেওঁলোকে ভাড়াতীয়া হিচাপত নিজৰ দায়িত্ব পালন কৰিব নোৱাৰিলে। লগতে এই ব্ৰজনিনাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয় যে এয়া অসমীয়া জাতিৰ সন্ধিক্ষণৰ সময়। এই জাতিৰ সন্ধিক্ষণত মুখাৰ আঁৰৰ মুখবোৰ পৰিষ্কাৰ হৈছে। জনসাধাৰণে তাক ভালকৈ চিনি থোৱা ভাল। লগতে উপস্থিত জনতাক উদ্দেশ্য কৰি তেওঁ কয় যে আজি ব্ৰজনিনাদৰ একতা দেখি সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাহঁতৰ দৰে ভণ্ড মানুহবোৰে আমাৰ মাজত বিভাজন আনিবলৈ চিন্তা কৰিব৷ তাৰ বিৰুদ্ধে আজিৰ দৰেই সকলো ঐক্যবদ্ধ হব লাগে বুলি সোঁৱৰাই দিয়ে। লগতে তেওঁ কয়- অসমৰ ৰাজনীতিত সৰ্বনাদ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত প্ৰতিযোগিতা চলিছে৷

খিলঞ্জীয়াৰ ব্ৰজনিনাদত কঁপিল লতাশিল খেলপথাৰ : চৰকাৰলৈ কঠোৰ সকীয়নি বিভিন্ন স্তৰৰ জনতাৰ

এফালে এজনে গাদী ৰক্ষা কৰাৰ বাবে জাতিক বিক্ৰী কৰিবলৈ ওলাইছে আৰু আনফালে এজনে চিন্তা কৰিছে কেনেকৈ মুখ্য মন্ত্ৰীৰ চকীখন নিজৰ দখললৈ আনিব পাৰে। উল্লেখ্য যে এই ব্ৰজনিনাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম গৰীয়া-মৰিয়া-দেশী পৰিষদ, অসম সাহিত্য সভা, সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম উকীল সন্থা, কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, অসম মাৰোৱাৰী সন্মিলন, অৱসৰপ্ৰাপ্ত শিক্ষক সন্থা, অসম মণিপুৰী সাহিত্য পৰিষদ, সদৌ অসম মহিলা পৰিষদ প্ৰমুখ্যে ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অমৰজ্যোতি চৌধুৰী। উপস্থিত জনগণৰ দাবী, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি লোৱা নহ'ব। আৰু অতি সোনকালে বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰাৰ পৰা আঁতৰি থাকি বাতিল কৰক। অন্যথা গ্ৰহণ কৰিব জংগী আন্দোলনৰ কাৰ্যসূচী।
 

Your Comments