ক'লা পতাকা প্রদর্শন কেতিয়াও ছিণ্ডিকেট হ'ব নোৱাৰে৷ এয়া গণতান্ত্ৰিক প্ৰতিবাদৰ এক অংশ। এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। দিল্লীত কৃষক নেতা অখিল গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ জনাই কয় যে হিমন্ত বিশ্ব শৰ্মাই মাফিয়া ৰাজনীতি কৰিছে। তেওঁক অতি সোনকালে মন্ত্ৰিত্বৰ পৰা অপসাৰণ কৰিব লাগে। মাফিয়া হিমন্তই গণতান্ত্ৰিক প্ৰতিবাদকাৰীক নিৰ্যাতন চলাই গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। ইয়াৰ উপৰি তেওঁ কয়- হিমন্ত বিশ্ব শৰ্মা এনে এজন মাফিয়া, যিয়ে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষাক বুজি নাপায়। আনহাতে, যোৱা মঙলবাৰে হিমন্ত বিশ্ব শৰ্মাক ক'লা পতাকা প্রদর্শন কৰাত মুছলমান লোক কোনো জড়িত নাছিল বুলি উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে কয় যে যদি হিমন্ত বিশ্ব শৰ্মাৰ সৎ সাহস আছে তেন্তে নামৰ সৈতে ক'লা পতাকা প্রদর্শন কৰা মুছলমান ল'ৰাকেইজনক চিনাকি কৰাই দিয়ক।
লগতে তেওঁ কয় যে ক'লা পতাকা বিষয়টোৰ পৰা সমাজক আঁতৰাই ৰখা বাবে হিমন্ত বিশ্ব শৰ্মাই ক'লা পতাকা প্ৰদৰ্শনৰ লগত মুছলমান ল'ৰা জড়িত বুলি মিছা অভিযোগ তুলিছে। ইয়াৰ উপৰি কৃষক নেতাগৰাকীয়ে কয় যে ভাৰতবর্ষ এখন ধৰ্মনিৰপেক্ষ দেশ? ইয়াত মুছলমান ল'ৰাইও ক'লা পতাকা দেখিৱাব পাৰে৷ তাত আচৰিত হ'বলগা কি আছে। হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সংবিধানক অপমান কৰিছে। ২০১৯ৰ নিৰ্বাচনক সম্প্ৰদায়িক কৰাৰ বাবে এয়া হিমন্ত বিশ্ব শৰ্মাৰ মাফিয়া কৌশল।
- Log in to post comments
- 41 views