খিলঞ্জীয়াৰ ব্ৰজনিনাদ : আছুৰ নেতৃত্বত পৰৱৰ্তী কাৰ্যসূচী ঘোষণা

খিলঞ্জীয়াৰ ব্ৰজনিনাদ : পৰৱৰ্তী কাৰ্যসূচী ঘোষণা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লতাশিলত ঘোষণা পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী। কাৰ্যসূচী ঘোষণা কৰে সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টাকৈ জাতীয় সংগঠনে। সেই হিচাপে কাইলৈৰ পৰা সমগ্ৰ অসমক নাগৰিকত্ব সংশোধনী বিধেয়ক কিমান ভয়ংকৰ তাৰ বিষয়ে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব। লগতে এই বিধেয়ক গৃহীত হ'লে খিলঞ্জীয়া অসমীয়া কি সমস্যাৰ সন্মুখীন হ'ব তাৰবাবে সমগ্ৰ অসমৰ গাঁও, নগৰ, চহৰৰ লগতে অঞ্চলে অঞ্চলে আয়োজন কৰিব গাঁওসভা আৰু ৰাইজমেল কাৰ্যসূচী। এই কাৰ্যসূচীৰ নেতৃত্ব ল'ব সদৌ অসম ছাত্ৰ সন্থাসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে। এই কথা লতাশিলৰ খিলঞ্জীয়াৰ ব্ৰজনিনাদস্থলীৰ পৰা ঘোষণা আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

Your Comments