শিক্ষকৰূপী দানৱৰ হাতত নিৰ্যাতিত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী : গ্ৰেপ্তাৰ নীলধৰ কলিতাক

শিক্ষকৰূপী১দানৱৰ১হাতত১নিৰ্যাতিত১ষষ্ঠ১শ্ৰেণীৰ১ছাত্ৰী১ো১গ্ৰেপ্তাৰ১নীলধৰ১কলিতাক

শিক্ষকৰূপী দানৱৰ হাতত নিৰ্যাতিত ষষ্ঠ শ্রেণীৰ ছাত্ৰী। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আজি পুৱা ৬ বজাত নুনমাটি আৰক্ষীয়ে গোপাল নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে দানৱৰূপী শিক্ষক নীলধৰ কলিতাক (৪৯)। মহানগৰস্থিত চূণচালি মধ্য ইংৰাজী বিদ্যালয়ৰ দানৱৰূপী শিক্ষক নীলধৰ কলিতাই যোৱা নৱেম্বৰ মাহৰ পৰা ষষ্ঠ শ্রেণীৰ ছাত্ৰীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন কৰি অহা বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকৰ লগতে নুনমাটি আৰক্ষী থানাই।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা নীলধৰ কলিতাৰ বিৰুদ্ধে নুনমাটি আৰক্ষী থানাই ৩৭/১৯ নম্বৰত পস্ক' আইনৰ ১০ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰিছে। ইফালে নুনমাটি আৰক্ষী থানাই জানিবলৈ দিয়া অনুসৰি, শিক্ষকৰূপী নীলধৰ কলিতাই বিদ্যালয়ৰে অন্য এজনী ছোৱালীৰ লগতো এনে দুষ্কাৰ্য সংঘটিত কৰিছিল৷ ইফালে গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান বিদ্যালয়খনত নীলধৰ কলিতা প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আনহাতে, পুৱা গ্ৰেপ্তাৰ কৰা নীলধৰ কলিতাক আজি কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে।

Your Comments