ৰাজ্যসভাত বিধেয়কৰ বিৰোধিতাৰ বাবে বিৰোধীক আহ্বান : দিল্লীলৈ অখিল গগৈ

ৰাজ্যসভাত বিধেয়কৰ বিৰোধিতাৰ বাবে বিৰোধীক আহ্বান : দিল্লীলৈ অখিল গগৈ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত যাতে কোনো প্ৰকাৰে গৃহীত হ'ব নোৱাৰে তাৰবাবে বিৰোধীক শক্তিশালী স্থিতি প্রদর্শন কৰিবলৈ আহ্বান জনাবলৈ নতুন দিল্লীত উপস্থিত কৃষক নেতা অখিল গগৈ। অখিল গগৈয়ে সাক্ষাৎ কৰিব বিৰোধী ৰাজনৈতিক দলসমূহৰ সাংসদসকলক। উক্ত সাক্ষাতত তেওঁ বিৰোধী সাংসদসকলক আহ্বান জনাব। লগতে বিধেয়কখন গৃহীত হ'লে কি কি সমস্যাৰ সৃষ্টি হব তাৰো বৰ্ণনা কৰিব কৃষক নেতাগৰাকীয়ে।

Your Comments