ৰাজ্যবাসীৰ বাবে এটা সুখবৰ। গণৰাজ্য দিৱসৰ প্ৰতীকপদৰ অনিশ্চয়তাৰ অৱশেষত অৱসান ঘটিল। গণৰাজ্য দিৱসৰ পেৰেডত পূৰ্বৰ দৰেই এইবাৰো দিল্লীৰ ৰাজপথত দেখিবলৈ পোৱা যাব অসমৰ প্ৰতীকপদ। সেই অনুযায়ী এইবাৰ গণৰাজ্য দিৱসৰ অসমৰ প্ৰতীকপদ হব শুৱালকুছিৰ মুগা শিল্প। ইয়াৰ উপৰি অসমৰ শিল্পী দলে গণৰাজ্য দিৱসত ভূপেন হাজৰিকাৰ গীতত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিব।
- Log in to post comments
- 26 views