নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা। সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই আজি গুৱাহাতিষ্ঠিৰ কেন্দ্ৰীয় কাৰ্যলয়ত এক সংবাদমেল আয়োজন কৰি এই কথা জানিবলৈ দিয়ে। সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি কয় যে ২৬ জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যৰ গাঁৱে-ভূঞে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে পদযাত্ৰা কৰা হ'ব।
সেই হিচাপে ৩০ জানুৱাৰীত সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু আন্তৰাষ্ট্ৰীয় পাৰপত্ৰ ব্যৱস্থা, দ্বিনাগৰিকত্ব প্ৰদানৰ দাবীত গ্ৰহণ কৰিব সমগ্ৰ ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী। একেদৰে ৭ ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যতে সংগঠনটোৱে গ্ৰহণ কৰিব ৰে'ল অৱৰোধ কাৰ্যসূচী।
- Log in to post comments
- 26 views