২৮ জানুৱাৰীৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

w

২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ ২০১৯-২০ বর্ষৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব লগা বাজেট অধিৱেশনত ৬ ফেব্ৰুৱাৰীত উত্থাপন কৰা হ'ব ২০১৯-২০ বর্ষৰ বাজেট। উল্লেখ্য যে এইবাৰৰ বাজেট অধিৱেশনত 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬'ই বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। বাজেট অধিৱেশনৰ অন্ত পৰিব ২৬ ফেব্ৰুৱাৰীত৷

Your Comments