ত্ৰিপুৰাত চৰকাৰে খিলঞ্জীয়াৰ ওপৰত কৰা তালিবানী আক্ৰমণৰ লগতে নেছ'ৰ প্ৰতিনিধি ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ খবৰ ল'বলৈ গৈ ত্ৰিপুৰা আৰক্ষীৰ বাধাৰ সন্মুখীন হোৱা ঘটনাক গৰিহণা জনাই কাইলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ক'লা দিন হিচাপে পালন কৰিব। সেই অনুসৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চৰকাৰৰ বিৰুদ্ধে ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰিব নেছ'ৱে।
ইফালে এই কাৰ্যক গৰিহণা জনাই অসমতো আছুৱে পালন কৰিব ক'লা দিন। অসমৰ সকলো ঠাইতে ক'লা পতাকা উত্তোলন কৰিব আছুৱে। এই কথা আজি জানিবলৈ দিয়ে নেছ' আৰু আছুৰ প্ৰতিনিধি ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
- Log in to post comments
- 68 views