জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীৰ বিদ্যাৰ্থী সমাজৰ 'দিছপুৰ চলো' কাৰ্যসূচী

2

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিদ্যাৰ্থী সমাজে ৰূপায়ণ কৰে 'দিছ্পুৰ চলো' কাৰ্যসূচী। কাৰ্যসূচীত অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় প্ৰমুখ্যে গুৱাহাটীৰ প্ৰায়সংখ্যক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। দীঘলীপুখুৰী পাৰৰ পৰা আৰম্ভ হৈছিল প্ৰতিবাদী কাৰ্যসূচী।

w

কিন্তু প্ৰশাসনে প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। পাছত আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীসকলক আটক কৰি পাণবজাৰ আৰক্ষী থানালৈ লৈ যায়। প্ৰতিবাদকাৰীসকলে সজোৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী উত্থাপন কৰে। অন্যথা অসমত ভয়ানক পৰিস্হিতিৰ সৃষ্টি হ'ব বুলি উল্লেখ কৰে। সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, জাতীয় নায়ক হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় ধ্বনি দিয়ে প্ৰতিবাদকাৰীসকলে৷

Your Comments