নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ লোকসভাত গৃহীত হোৱাৰ পাছতেই প্ৰতিবাদত জ্বলিছে অসম। সমগ্ৰ ৰাজ্যতে বিধেয়কৰ বিৰোধিতা কৰি দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ আৰু প্ৰতিবাদ। গুৱাহাটী প্ৰেছ ক্লাবতো আজি বিধেয়কখনক বিৰোধিতা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চই আহ্বান জনায় এখন গুৰুত্বপূৰ্ণ সংবাদমেল। সংবাদমেলত উপস্থিত থাকি বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে কয় যে ফেচিবাদী অহিষ্ণুতাৰে বিজেপি চৰকাৰে ৮ জানুৱাৰীৰ দিনা যি বিধেয়ক লোকসভাত গৃহীত কৰিলে তাক আমি প্ৰতিবাদ জনাইছোঁ।
কাৰণ এই বিধেয়কখন গৃহীত কৰি বিজেপি দলে দেশৰ সংবিধানক অপমান কৰাৰ লগতে অসমীয়া জাতি সত্তাক অপমান কৰিছে। আনকি বিজেপি দলে লোকসভাত বিধেয়কখন উত্থাপন কৰোতে বিৰোধী পক্ষই তাক যুক্তিৰে নস্যাৎ কৰিছিল। কিন্তু সেই যুক্তিক গুৰুত্বহীন কৰি তুলিছে বিজেপি দলে। যিটো নেকি গণতন্ত্ৰৰ বাবে এটা অশুভ বাৰ্তা। তাৰবাবে ডঃ হীৰেন গোহাঁয়ে সমূহ অসমবাসীক আহ্বান জনায় ২০১৯ৰ নিৰ্বাচনত বিজেপি দলক উৎখাত কৰাৰ বাবে। ইয়াৰ উপৰি এই সভাতে জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অসমীয়া জাতিয়ে শেষ পৰ্যায়লৈকে যুঁজ কৰিব লাগিব।
লগতে তেওঁ সমূহ অসমবাসীক আহ্বান জনাই কয় যে আগন্তুক ভোগালী বিহুত মেজিৰ জুইত আমাৰ পৰম্পৰা অনুসৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬খন দাহ কৰিব লাগে। ইফালে মঙলবাৰে বিধেয়কখন লোকসভাত গৃহীত কৰাৰ পাছত আজি ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰিছিল বিজেপি চৰকাৰে। বিধেয়ক উত্থাপন কৰাৰ লগে লগেই ৰাজ্যসভাত সংখ্যাগৰিষ্ঠ বিৰোধীয়ে বিধেয়কৰ বিৰোধিতা কৰি এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰে। তাৰ পাছতে বিজেপি চৰকাৰে চক্ৰান্তমূলকভাৱে ৰাজ্যসভাৰ টিভি বন্ধ কৰি দিয়া বিষয়টো সন্দৰ্ভত মনজিৎ মহন্তই কয় যে বিজেপি চৰকাৰে এনেকুৱা নিকৃষ্ট ৰাজনীতি কৰিছে যে বিধেয়কখনৰ বিৰুদ্ধে যুক্তি-তৰ্ক চলোতেই কৌশলপূর্ণভাৱে বন্ধ কৰি দিলে ৰাজ্যসভা টিভি।
ইফালে এই সংবাদমেলতে মনজিৎ মহন্তই জানিবলৈ দিয়ে যে আজি পুৱা বিধেয়কখনৰ বিৰুদ্ধে এক জৰুৰী পত্ৰ ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা বুলিও। লগতে অসমৰ সমূহ সংবাদ মাধ্যমলৈ আহ্বান জনাই কয় যে জাতিৰ স্বাৰ্থত অসমৰ সকলো সংবাদ মাধ্যমে আৰু সক্ৰিয় ভূমিকা পালন কৰক। ইফালে ডঃ হীৰেন গোহাঁয়ে সংবাদমেলতে জানিবলৈ দিয়ে যে আমি জাতিৰ বাবে যুজঁ দি দেশক অৱমাননা কৰা নাই। আমি ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ ৰক্ষা বাবে এই যুদ্ধত অৱতীৰ্ণ হৈছোঁ। অৰ্থাৎ আমাৰ যুদ্ধ ভাৰতৰ আত্মাৰ কাৰণে বুলি জানিবলৈ দিয়ে।
আনহাতে, এই সংবাদমেলতে অধিবক্তা শান্তনু বৰঠাকুৰে কয় যে কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সংসদীয় কমিটী গঠন কৰি দিয়াটো এটা আঁভুৱা-ভাৰা কৌশল। কাৰণ জেপিচিক অসমৰ দল-সংগঠনসমূহহে বিধেয়কখনৰ বিৰুদ্ধে যি প্ৰতিবেদন দিছিল সেই প্ৰতিবেদনসমূহ জেপিচিৰ অধ্যক্ষগৰাকীয়ে চুইয়ে চোৱা নাই। তেনেকৈয়ে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিছে লোকসভাত বুলিও জানিবলৈ দিয়ে অধিবক্তা শান্তনু বৰঠাকুৰে। তেওঁ কয় যে অসমৰ দল-সংগঠনে জেপিচিক তিনিটা প্ৰশ্নত প্ৰতিবেদন দিছিল। সেই হিচাপে এই বিধেয়কখন ভাৰতবৰ্ষৰ সংবিধানৰ পৰিপন্থী। বিধেয়কখনে ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষতা ৰক্ষা নকৰে। ইয়াৰ উপৰি কোৱা হৈছিল যে ১৯৭১ চনৰ পাছত অহা ব্যক্তিক অসমত সংস্থাপন দিলে অসমত অৰ্থনৈতিক বিদ্রোহ হ'ব। ঠিক একেদৰে এই বিধেয়কখন অসম চুক্তিৰ পৰিপন্থী। কাৰণ প্ৰতিবেদনৰ ৭১ পৃষ্ঠাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজেই স্পষ্ট কৰিছে যে বিধেয়কখন অসম চুক্তিৰ পৰিপন্থী বুলি। তাৰ পাছত কেৱল ভোট বেংকৰ স্বাৰ্থত এই প্ৰতিবেদন দি বিধেয়কখন গৃহীত কৰিবলৈ লোৱাটোৱে আমাক হতাশ কৰি তুলিছে।
ইফালে এই সংবাদমেলতে বুদ্ধিজীৱী দীনেশ বৈশ্যই কয় যে বিধেয়কৰ সন্দৰ্ভত জেপিচিয়ে শুনানি গ্ৰহণ কৰিবলৈ আহি গুৱাহাটীত এদিন থাকি বৰাকত দুদিন থকাটো এক উদ্দেশ্যপ্ৰাণোদিত। ইয়াৰ উপৰি সোমবাৰে বিধেয়কৰ বিৰোধিতাৰে ১৩জনকৈ অসমীয়াই সংসদ ভৱনৰ সন্মুখত উলংগ হৈ প্ৰতিবাদ কৰাৰ সম্পৰ্কত তেওঁ কয় যে এই উলংগ প্ৰতিবাদে প্ৰমাণ কৰিলে আমি কেৱল যে অসমৰ কথা ভবা নাই, দেশৰ কথা ভাবিছোঁ। ইয়াৰ উপৰি দীনেশ বৈশ্যই এই সংবাদ মেলতে কয় যে বিজেপিয়ে মধ্যপ্ৰদেশত এখন হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ চিন্তা কৰিছিল৷ কিন্তু বিধানসভা নিৰ্বাচনত পৰাজিত হৈ সেই আশাত চেঁচা পানী পৰিল। তেওঁ লগত উত্তৰ-পূবলৈ কেন্দ্ৰীয় নেতাৰ সঘন আগমনৰ কথা উল্লেখ কৰি কয় যে মোডী চৰকাৰখনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক এখন হিন্দু ৰাজ্য স্থাপন কৰাৰ লক্ষ্য আগত ৰাখি সঘনে কেন্দ্ৰীয় নেতা উত্তৰ-পূৰ্বাঞ্চললৈ আগমন হয়।
ইফালে এই সংবাদমেলতে তেওঁ কয় যে এই জাতিধ্বংসী বিধেয়কখন যদি লোকসভাত গৃহীত হোৱাৰ দৰে ৰাজ্যসভাত গৃহীত হয়, তেতিয়া দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত গৈ হ'লেও এই বিধেয়ক বাতিল কৰিম। তাৰবাবে আৰ্থিক সাহায্য বিচাৰি প্ৰয়োজন হ'লে সমগ্ৰ অসমে ভিক্ষা কৰিম বুলিও তেওঁ জানিবলৈ দিয়ে। ইফালে মঙলবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তি সন্দৰ্ভত ডঃ হীৰেন গোঁহাইৰ লগত মুখামুখিকৈ তৰ্ক কৰিম বুলি কোৱা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহাঁয়ে কয় যে ভ্ৰষ্টাচাৰী মানুহৰ লগত মই কথা নাপাতো। ইফালে মনজিৎ মহন্তই কয় যে নিলাজ মানুহ যদি আছে হিমন্ত বিশ্ব শৰ্মা। সংবাদমেলত তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন নিলাজ মানুহ, যিজন মানুহ ক্ষমতাৰ বাবে নিজকো বিক্ৰী কৰিব পাৰে। আনহে নালাগে ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে তাকো নাজানে তেওঁ।
হীৰেন গোহাঁই ছাৰৰ লগত নালাগে আমাৰ লগতে যুক্তি-তৰ্ক কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। ইফালে এই সংবাদমেলৰ পৰাই অসম গণ পৰিষদৰ মিত্ৰতা ভংগক শুভেচ্ছা জনায়। লগতে জাতিৰ স্বাৰ্থত আন্দোলন কৰিবলৈ আহ্বান অগপ নেতৃত্বক। বিজেপি দলত যদি অসমীয়াৰ তেজ থকা কোনো ব্যক্তি আছে তেন্তে বিজেপিৰ পৰা ওলাই অহাৰ বাবেও আহ্বান জনায় বিধেয়ক বিৰোধী মঞ্চই। এই সংবাদমেলত উদয়াদিত্য ভৰালী, হাইদৰ হুছেইনো উপস্থিত থাকে।
- Log in to post comments
- 32 views