উচ্চস্তৰীয় সমিতিৰ পৰা অসমৰ বিশিষ্ট ব্যক্তিসকলক ওলাই অহাৰ আহ্বান নাগৰিক সমাজৰ

https://www.facebook.com/newsasn6/videos/228219888115340/

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য জ্বলি থকাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিক মূৰ্খ সজাবলৈ পুনৰ গঠন কৰিছে অসম চুক্তি ছয় নম্বৰ দফা কার্যকৰী কৰাৰ বাবে কমিটী। যিসময়ত চৰকাৰখনে অসমীয়া জাতিক নিঃশেষ কৰাৰ বাবে হিন্দু বাংলাদেশীক সংস্থাপন বিধেয়ক ইতিমধ্যে লোকসভাত গৃহীত কৰিছে, সেই সময়ত অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰা কমিটীৰ কোনো অৰ্থ নাই।

এই গুৰুত্বপূৰ্ণ মন্তব্য অসম নাগৰিক সমাজৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাই কয় যে কেন্দ্ৰীয় চৰকাৰে কেৱল অসমীয়া মানুহক মূৰ্খ সজাই সিন্ধু বাংলাদেশীক সস্থাপন কৰাৰ বিধেয়ক চলে-বলে-কৌশলে গৃহীত কৰাৰ বাবে অসম চুক্তিৰ সাংবিধানিক ৰক্ষা কৱচ দিবলৈ পুনৰ কমিটী গঠন কৰাৰ এখন নাটক ৰচনা কৰিছে।

তেওঁ লগতে কয় যে অসম চুক্তিত স্বাক্ষৰ কৰা সদৌ অসম ছাত্ৰ সন্থাই এই কমিটীত নাথাকো বুলি ইতিমধ্যে স্থিতি স্পষ্ট কৰিছে। ঠিক একেদৰে কমিটীখনত থকা অসমৰ সন্মানীয় ব্যক্তিসকলেও কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে গঠন কৰি দিয়া এই কমিটীখন অতি সোনকালে বৰ্জন কৰিব লাগে। কাৰণ চৰকাৰখনৰ কাৰ্যকাল শেষ হোৱাৰ বাবে ৩-৪ মাহ থকা অৱস্থাত অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে কমিটী গঠন কৰাটো চৰকাৰৰ এটা ভোট ভিক্ষাৰ ৰাজনীতি বাহিৰে আন একো নহয়।

1111

ইয়াৰ উপৰি এই সংবাদমেলতে প্ৰশান্ত ৰাজগুৰুৱে কয় যে ইয়াৰ পূৰ্বতেও চৰকাৰে অসম চুক্তিক সাংবিধানিক ৰক্ষাকৱচ দিয়াৰ বাবে ১৯৯৮ চনত জি কে পিল্লাইৰ অধ্যক্ষতাত গঠন কৰা হৈছিল কমিটী। যিখন কমিটীয়ে সম্পূৰ্ণ প্ৰতিবেদনো প্ৰস্তুত কৰিলে অসম চুক্তি সন্দৰ্ভত৷ কিন্তু আজিলৈকে সেই কমিটীৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ নহ'ল। ইফালে এই সংবাদমেলতে তেওঁ জানিবলৈ দিয়ে যে সেই ১৯৯৮ চনৰ জি কে পিল্লাই কমিটীখনত আছুৰ ফালৰ পৰা তিনিজন প্রতিনিধি আছিল৷ তাৰ ভিতৰত আছিল বৰ্তমান অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো। তাৰ পাছতো আকৌ কমিটী গঠন কৰাটো এখন নাটকৰ বাহিৰে আন একো নহয়। সেইবাবে অসম নাগৰিক সমাজৰ কমিটীত থকা সমূহ সদস্যলৈ আহ্বান- জাতিৰ স্বাৰ্থত অতি সোনকালে তেওঁলোকে কমিটীৰ পৰা পদত্যাগ কৰিব লাগে। লগতে কয় যে আছু যিহেতু কমিটীখনত নাথাকো বুলি স্পষ্ট ঘোষণা কৰিছে, তাৰ পাছত কমিটীখনৰ কোনো অৰ্থ থাকিব নোৱাৰে।

যিহেতু অসম চুক্তি স্বাক্ষৰ কৰা সংগঠটোৱেই হৈছে আছু। আছুৱেই যদি কমিটীক নস্যাৎ কৰিছে তাৰ পাছত সেই কমিটীখন যে অবৈধ আৰু অগণতান্ত্ৰিক সেই কথা স্পষ্ট। লগতে অজিত কুমাৰ ভূঞাই কয় যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে ইতিমধ্যে ঘোষণা কৰিছে যে অসম চুক্তি সম্পৰ্কত তেওঁৰ কোনো স্পষ্ট ধাৰণা নাই। তাৰ পাছতো তেনে এজন ব্যক্তিৰ নাম কমিটীত থকাটো ৰহস্যজনক। সেয়া কেন্দ্ৰীয় চৰকাৰে যে নিজৰ মাজত বনোৱা কমিটী সেইটো স্পষ্ট।

সেইবাবে তেওঁলোকে আহ্বান জনায় যে সমিতিত থকা ডঃ নগেন শইকীয়া, ৰংবং তেৰাং প্ৰমুখ্যে অন্যান্য ব্যক্তিসকলে কমিটীৰ পৰা অতি সোনকালে ওলাই আহিব লাগে। যদি তেওঁলোক ওলাই নাহে সামাজিকভাৱে তেওঁলোকক বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে অসম নাগৰিক সমাজে। ইয়াৰ উপৰি এই বৈঠকতে অসম নাগৰিক সমাজে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰসংগটো উল্লেখ কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰাৰ বাবেই এটা কৌশল। এই সংবাদমেলতে প্ৰশান্ত ৰাজগুৰুৱে কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিব পৰা নাই সম্পূৰ্ণ প্ৰতিবেদন।
 

Your Comments