আজি অসমীয়া জাতিৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। কাৰণ মঙলবাৰে লোকসভা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত হোৱাৰ পাছত আজি উত্থাপন হ'ব ৰাজ্য সভাত। যদি ৰাজ্যসভাতো বিধেয়কখন গৃহীত হয় তেন্তে অস্তিত্বহীন হৈ পৰিব অসমীয়া জাতি। ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱা-নোহোৱাটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব কংগ্ৰেছ দলৰ ওপৰত।
ৰাজ্যসভাত যদি কংগ্ৰেছ দলে বিধেয়কখন বিৰোধিতা কৰে তেন্তে গৃহীত নহয়। কাৰণ ৰাজ্যসভাত কংগ্ৰেছ দল বৰ্তমান সময়ত সংখ্যাগৰিষ্ঠ। তাৰ পৰাই এতিয়া ক'ব পাৰি অসমীয়া জাতিৰ ভৱিষ্যৎ এতিয়া কংগ্ৰেছ দলৰ ওপৰত নিৰ্ভৰ কৰিব। আনহাতে, অসমবাসীয়ে তীব্ৰ বিৰোধিতা কৰাৰ পাছতো মঙলবাৰে সংসদত গৃহীত কৰা হ'ল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬। লোকসভাত তৃণমূল কংগ্ৰেছ, কংগ্ৰেছ, চিপিআইএম প্ৰমুখ্যে বহুকেইটা বিৰোধী দলে বিধেয়কখনৰ বিৰোধিতা কৰিছিল যদিও লোকসভাত শাসকীয় দলৰ সংখ্যাগৰিষ্ঠতাৰ বাবে ধ্বনি ভোটত গৃহীত হ'ল বিধেয়কখন।
- Log in to post comments
- 107 views