নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ পত্ৰ প্ৰেৰণ জুবিন গাৰ্গৰ। পত্ৰত জুবিন গাৰ্গৰ স্পষ্ট আহ্বান- নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাত মাতক৷ আগন্তুক ৭ দিনৰ ভিতৰত মুখ্য মন্ত্ৰীয়ে এই সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰক। অন্যথা জুবিনে অকলেই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদত নমাৰো হুকাৰ প্ৰদান কৰে৷ পত্ৰখনত তেওঁৰ মুখ্য মন্ত্ৰীলৈ স্পষ্ট সকীয়নি- 'এতিয়া মই শান্ত হৈ আছোঁ। এসপ্তাহৰ ভিতৰত যদি সৰ্বাদাই ইয়াৰ বিৰুদ্ধে একো নকৰে তেতিয়া মই অকলেই কৰিম। কিন্তু কি কৰিম মই নিজে নাজানো।'
লগতে মুখ্য মন্ত্ৰীগৰাকীলৈ আহ্বান জনাই জুবিন গাৰ্গে কয়- সকলোৱে যদি বিধেয়কখনক গ্ৰহণ নকৰো বুলি কৈছে তেতিয়াহ'লে সেইখন গ্ৰহণ কৰাৰ যুক্তি ক'ত৷ চৰকাৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ কথাও উল্লেখ কৰে পত্ৰখনত। আমাক অসমীয়া কৰি ৰাখিবলৈ একো ধৰ্মৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি শেষত সাতদিনৰ পিছত ভদ্ৰতা শিকাই লাভ নহ'ব বুলিও হুংকাৰ দিয়ে।
- Log in to post comments
- 202 views