ছহিদ ভৱনত অগপ নেতা সত্যব্ৰত কলিতা

ছহিদ ভৱনত অগপ নেতা সত্যব্ৰত কলিতা

জাতিক ৰক্ষা কৰাৰ স্বাৰ্থত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছত অগপ নেতা সত্যব্ৰত কলিতাই আছুৰ কাৰ্যালয়ত আহি লগ ধৰিলে একালৰ সতীৰ্থসকলক। জাতিক ৰক্ষা কৰাৰ বাবে অগপ দলে আছুসহিতে অসমৰ প্ৰতিটো জাতীয় সংগঠনৰ লগত আন্দোলন কৰাৰ আশ্বাস দিলে একালৰ আছু নেতা সত্যব্ৰত কলিতাই। ছহিদ ভৱনত প্ৰাক্তন সতীৰ্থ ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কাষত বৰ্তমানৰ অগপ নেতা সত্যব্ৰত কলিতা।

মিত্ৰতা ভংগ কৰা সম্পৰ্কত অগপ নেতাগৰাকীয়ে কয় যে বিজেপি চৰকাৰৰ সহযোগী দল হিচাপে আমি শেষ মুহূৰ্তলৈকে যুজঁ দিছিলোঁ বিধেয়ক বাতিল কৰাৰ বাবে। কিন্তু বিজেপি দলে আমাৰ আহ্বানক কোনো গুৰুত্ব নিদিলে। সেয়ে আমি মিত্ৰতা ভংগ কৰিলোঁ। কাৰণ আমি অসমৰ ৰাইজ আৰু ৮৫৫জন ছহিদক অৱমাননা কৰিব নোৱাৰো। আমাৰ বাবে জাতিতকৈ ক্ষমতা ডাঙৰ নহয়। অসমৰ ৰাইজৰ আহ্বানক সন্মান জনাই আমি চৰকাৰৰ মিত্ৰতা ত্যাগ কৰিছোঁ।

আমি এই জাতিধ্বংসী বিধেয়কৰ সদায় বিৰোধিতা কৰিছোঁ আৰু সদায় কৰি যাম। বিধেয়কখন আইনত যদি পৰিণত হয় অগপ দলৰ স্থিতি কি হ'ব বুলি সোধাত সত্যব্ৰত কলিতাই কয় যে বিধেয়কখন আইনত পৰিণত হয়-নহয় সেইটো পাছৰ কথা। কিন্তু সংসদত এনে এখন জাতিধ্বংসী বিধেয়ক উত্থাপন হোৱাটোৱেই আমাৰ বাবে ডাঙৰ কথা।

Your Comments