অসম আৰু অসমীয়াৰ স্বাৰ্থত মিত্ৰতা ভংগ কৰিছোঁ : অগপ

অসম আৰু অসমীয়াৰ স্বাৰ্থত মিত্ৰতা ভংগ কৰিছোঁ : অগপ

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সংসদত উত্থাপন কৰিবলৈ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে সোমবাৰে বিজেপি দলৰ সৈতে থকা মিত্ৰতা ভংগ কৰিলে অসম গণ পৰিষদে। উল্লেখ্য যে মিত্ৰতা ভংগ কৰাৰ পূৰ্বে অগপৰ ৫জনকৈ কেন্দ্ৰীয় নেতাই সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী ৰাজনাথ সিঙক। য'ত আছিল অগপ দলৰ তিনিজন মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধৰী। গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অগপ নেতৃত্বই আহ্বান জনাইছিল জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সংসদত উত্থাপন কৰাৰ পৰা বিৰত থাকক। কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সেই আহ্বানৰ প্ৰতি কোনো সঁহাৰি নজনালে। বৰঞ্চ গৃহমন্ত্ৰীগৰাকীয়ে অগপৰ কেন্দ্ৰীয় প্ৰতিনিধিক জানিবলৈ দিলে যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ তেওঁলোকে সংসদত আজি উত্থাপন কৰিব। তাৰবাবে তেওঁলোক দায়বদ্ধ বুলি জানিবলৈ দিয়ে।

অসম আৰু অসমীয়াৰ স্বাৰ্থত মিত্ৰতা ভংগ কৰিছোঁ : অগপ

এই মন্তব্য সোমবাৰে ৰাতি গুৱাহাটীত আহি উপস্থিত হোৱা অগপৰ তিনি মন্ত্ৰীৰ। মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীত উপস্থিত হৈয়েই কয় যে আমি জনসাধাৰণৰ লগত আছো। চৰকাৰৰ লগত থাকি আমি শেষ সময়লৈকে যুজঁ দিছিলোঁ বিধেয়কখন যাতে সংসদত উত্থাপন নকৰে। কিন্তু বিজেপি দলে আমাৰ আহ্বানক কোনো গুৰুত্ব নিদিলে৷ তাৰবাবে আমি মিত্ৰতা ভংগ কৰিলোঁ। ইফালে অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই কয় যে আমি অসমৰ ৰাইজক কথা দিছিলোঁ, দলৰ ভিতৰত থাকি শেষ সময়লৈকে যুজঁ দি যাম জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে। আৰু শেষ সময়লৈকে যুজঁ দিছিলোঁ। তাৰবাবে ৰাজনাথ সিঙক পুনৰবাৰ সাক্ষাৎ কৰিছিলোঁ। কিন্তু আমি কোনো ফলাফল নাপালোঁ। তাৰ ফলত আমি ভংগ কৰিলোঁ মিত্ৰতা। কাৰণ আমি আমাৰ ছহিদৰ ত্যাগক বলিদান দিব নোৱাৰো। খিলঞ্জীয় অসমীয়াই বিধেয়কৰ বিৰোধিতা কৰি যি সংগ্ৰাম কৰিছে সেই সংগ্ৰামক আদৰণি জনাইছোঁ।

ইফালে মন্ত্ৰী অতুল বৰাই লগতে কয় যে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি এই বিষটোৰ ওপৰত আলোচনা কৰাৰ বাবে যোৱা তিনিদিনৰ আগতে সাক্ষাৎ বিচাৰিছিলোঁ। কিন্তু আমাক মুখ্য মন্ত্ৰীয়ে সাক্ষাতৰ বাবে সময় দিয়া নাছিল। আনহাতে, মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে আমি ৰাইজৰ আন্দোলনৰ প্ৰতি সন্মান জনাই ভংগ কৰিছোঁ মিত্ৰতা। আমি বুধবাৰে এক বৈঠক আয়োজন কৰি সকলো কথা প্ৰকাশ কৰিম। সেইদিনায়ে আমি সোণোৱাল মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিম। পদত্যাগ-পত্ৰ ৰাজ্যপালক দিম। আমাৰ বাবে আজিৰ দিনটো শুভ দিন। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি মিত্ৰতা ভংগ কৰিছোঁ।
 

Your Comments